পেংগঙৰ পৰা আঁতৰ কৰা হৈছে সেনা

দেপছাং সন্দৰ্ভত কোনো সিদ্ধান্ত গ্ৰহণ কৰা হোৱা নাই

https s3 ap northeast 1.amazonaws.com psh ex ftnikkei 3937bb4 images 6 8 2 1 28051286 3 eng GB Cropped 1593755687RTS3DSXC

লাডাখত পেংগং হ্ৰদৰ উপকূল অঞ্চলৰ পৰা সেনা আঁতৰোৱা কাৰ্য আৰম্ভ হৈছে যদিও দেপছাঙক লৈ ইতিমধ্যে কোনো সিদ্ধান্ত গ্ৰহণ কৰা হোৱা নাই । চীনৰ স’তে আলোচনাৰ মাধ্যমেৰে ধীৰে সুস্থিৰে আগবাঢ়িব বিচাৰে ভাৰতে ।  সূত্ৰ অনুসৰি, পেংগঙত সেনা আঁতৰোৱা কাৰ্য সম্পূৰ্ণ হোৱাৰ ৪৮ ঘণ্টাৰ ভিতৰত ভাৰত আৰু চীনৰ মাজত পুনৰ কামাণ্ডাৰ পৰ্যায়ৰ বৈঠক অনুষ্ঠিত হ’ব । সেই বৈঠকত দেপছাং সমতলত অৱস্থিত গোগৰা আৰু উষ্ণ প্ৰস্ৰৱণ অঞ্চলৰ পৰা সেনা আঁতৰোৱাক লৈ আলোচনা হ’ব ।

কিন্তু এই সন্দৰ্ভত একাংশ সেনাৰ মাজতে অসন্তুষ্টি প্ৰকাশ পাইছে । দেপছাঙত প্ৰকৃত নিয়ন্ত্ৰণ ৰেখা সংলগ্ন হেলমেট টপ আৰু য়েল্ল’ বাম্প অঞ্চলক এই চুক্তিত অন্তৰ্ভুক্ত নকৰি কেৱল পেংগঙৰ পৰাই সেনা আঁতৰাবলৈ কিয় মান্তি হ’ল ভাৰত বুলি প্ৰশ্ন উত্থাপন হৈছে ।

কেন্দ্ৰ চৰকাৰৰ দাবী, দেপছাং পুৰণি সমস্যা । সেয়ে এইটো পৃথককৈ সমাধা কৰিব লাগিব । কিন্তু ১৯৬২ৰ যুদ্ধৰ পাছৰ পৰা পাৰস্পৰিক সন্মতিত হেলমেট টপ আৰু য়েল্ল’ বাম্প অঞ্চলসমূহ ইমান দিনে অকৰ্তৃত্বশীল অঞ্চল হিচাপে চিহ্নিত আছিল । সেই অঞ্চলসমূহৰ পৰা চীনা সেনাবাহিনীক আঁতৰ কৰিবলৈ কেন্দ্ৰই কিয় চাপ দিয়া নাই তাক লৈও প্ৰশ্ন উত্থাপন হৈছে ।

ইতিমধ্যে পেংগঙৰ উত্তৰ উপকূলৰ পৰা পশ্চিম দিশত সমান্তৰাল ফিঙ্গাৰ ২ৰ পৰা ফিঙ্গাৰ ৩ৰ মাজত অৱস্থিত ধান সিং ধাপা প’ষ্টত উভতি যায় ভাৰতীয় সেনা । চীনৰ সৈন্যই ফিঙ্গাৰ ৮ৰ ছিৰিজাপ ত্যাগ কৰিছে । এই ফিঙ্গাৰ তিনিৰ পৰা আঠ ১০ কিলোমিটাৰলৈকে আপাতত ‘বাফাৰ জ’ন’ হিচাপে চিহ্নিত কৰা হৈছে । অৰ্থাৎ চূড়ান্ত সিদ্ধান্ত গ্ৰহণ নকৰালৈ কোনো সেই স্থানত নিৰীক্ষণ কৰিব নোৱাৰিব । ফিঙ্গাৰ ৮ৰ পৰা ফিঙ্গাৰ ৪ লৈকে ইতিমধ্যে সকলো নিৰ্মাণ ভাঙি পেলাইছে চীনে ।

কিন্তু ইয়াক লৈও তীব্ৰ সমালোচনাৰ সন্মুখীন হৈছে কেন্দ্ৰীয় চৰকাৰ । কাৰণ ইমান দিনে ফিঙ্গাৰ ৪ লৈকে ভাৰতৰ অধীনত আছিল । কিন্তু নতুন চুক্তি অনুসৰি ফিঙ্গাৰ ৩ লৈ উভতি আহিবলগীয়া হয় ভাৰতে । এই সন্দৰ্ভত ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে সৰল হৈছে বিৰোধিসকল । ভাৰতৰ প্ৰাক্তন প্ৰতিৰক্ষা মন্ত্ৰী তথা কংগ্ৰেছ নেতা এ কে এণ্ঠনিয়ে জনায় যে, ‘অত্যন্ত বেয়া উদাহৰণ সৃষ্টি হ’ল । ইয়াৰ পাছত অৰুণাচল প্ৰদেশ আৰু ছিক্কিমটো একেদৰেই আত্মসমৰ্পন কৰিব লাগিব । কিয় ফিঙ্গাৰ ৪ক ফিঙ্গাৰ ৩লৈ পিছুৱাই আনিলে মোদীয়ে ? উত্তৰ দিব লাগিব চৰকাৰে ।’

ভাৰতীয় সেনাই দক্ষিণ কৈলাশ গিৰিশৃংগ দখল কৰি ৰণকৌশলগত যি সুবিধা লাভ কৰিছিল, সেয়াও বিসৰ্জন কৰা হৈছে বুলি অভিযোগ উত্থাপন কৰিছে এণ্টনিয়ে । পেংগঙৰ লগতে গলৱান উপত্যকাৰ ১৪ নম্বৰ ভাৰতীয় প’ষ্টৰ পৰাও সেনাক পিছুৱাই অনা এক প্ৰকাৰৰ আত্মসমৰ্পন বুলি দাবী কৰে এণ্টনিয়ে ।

পাৰস্পাৰিক সন্মতিত যোৱা ১০ ফেব্ৰুৱাৰীৰ পৰা পেংগঙৰ উত্তৰ আৰু দক্ষিণ উপকূলৰ পৰা সেনা আঁতৰোৱা কাৰ্য আৰম্ভ কৰিছে ভাৰত আৰু চীনে । চীনা বাহিনীৰ ওপৰত মুখৰ কথাত বিশ্বাস কৰিব নোৱাৰি, সেয়ে যোৱা সপ্তাহত দুপক্ষৰ মাজত লিখিত চুক্তি হয় । ইয়াৰ পাছতেই সেনা আৰু যুদ্ধ সঁজুলি আঁতৰ কৰা কাৰ্য আৰম্ভ হয় ।

Exit mobile version