নাছাৰ সন্মুখত এতিয়া ‘সাত মিনিটৰ সন্ত্ৰাস’

Mzc2NDkzNA

‘সাত মিনিটৰ সন্ত্ৰাস’ক কেন্দ্ৰ কৰি সম্প্ৰতি বিপুল চিন্তাত পৰিছে নাছা । কাৰণ এই সাত মিনিটতে ধূলিসাৎ হ’ব পাৰে আমেৰিকাৰ মহাকাশ গৱেষণা কেন্দ্ৰটোৰ দীৰ্ঘদিনীয়া শ্ৰমৰ, প্ৰায় সাত মাহৰ স্বপ্ন । এই সপ্তাহতে পৃথিৱীৰ পৰা সাতমহীয়া মঙলমুখী যাত্ৰাৰ অৱসান ঘটাই গন্তব্য স্থানত উপস্থিত হ’ব নাছাৰ ‘মাৰ্চ ৰোভাৰ পাৰছেভাৰেন্স’ ।

অৰ্থাৎ অহা ১৮ ফেব্ৰুৱাৰীত মঙলগ্ৰহৰ মাটিত অৱতৰণ কৰিব নাছাৰ ‘মাৰ্চ ৰোভাৰ পাৰছেভাৰেন্স’-এ, যি প্ৰকৃততে এটা স্পেছ কেপচুলৰ ভিতৰত ভৰাই দিয়া ল’ব’টিক এষ্ট্ৰ’-বায়’লজি গৱেষণাগাৰ । কিন্তু সেই অৱতৰণ একেবাৰে সহজ, স্বাভাৱিক, মসৃণ নহ’ব । সেইবাবে এতিয়া নিদ্ৰা হৰিছে নাছাৰ বিজ্ঞানীসকলৰ ।

ছয় চকীয়া ৰোভাৰখনে মঙলৰ আকাশৰ পৰা মাটিত নামিবৰ বাবে লাভ কৰিব সম্পূৰ্ণ সাত মিনিট । অৱতৰণৰ আগৰ এই সাত মিনিট অৰ্থাৎ ৪২০ ছেকেণ্ডকে নাছাৰ বিজ্ঞানীসকলে ‘সবাতোকৈ বিপজ্জনক’ আখ্যা দিছে । কাৰণ, সম্পূৰ্ণৰূপে ব্যৰ্থ হ’ব পাৰে নাছাৰ এই স্বপ্নৰ অভিযান । কি কি বিপদ আহিব পাৰে ৰোভাৰ পাৰছেভাৰেন্সৰ সন্মুখলৈ ?

প্ৰথমতে ৰঙাগ্ৰহৰ ঠিক যি অংশ (জেজেৰো ক্ৰেটাৰ)ত ৰোভাৰখন নামিব, সেই স্থানত কে’বা কোটি বছৰৰ পূৰ্বে কোনো সুবিশাল আগ্নেয়গিৰীৰ অস্তিত্বৰ বাবে বিশালকাৰ গাঁত বা ক্ৰেটাৰৰ সৃষ্টি হৈছিল । সমগ্ৰ অঞ্চলটো শিলাময়, খলাবমা আৰু ওখ ওখ পাহাৰেৰে ভৰা । ফলত উক্ত স্থানত অৱতৰণ কৰাৰ বাবে নিখুঁত দক্ষতাৰ প্ৰয়োজন ।

লগতে যথাযথ সময়জ্ঞান আৰু সঠিক তথা নিৰাপদ স্থান বাছি লোৱা বুদ্ধিৰো প্ৰয়োজন আছে । ৰোভাৰ পাৰছেভাৰেন্স নিজৰ পৰ্যৱেক্ষণত নিৰ্ভৰ কৰি নিজে নিজে সিদ্ধান্ত লৈ সেইখিনি কাম কিমান নিখুঁতভাৱে কৰিব পাৰিব, তাক লৈয়ে সম্প্ৰতি বিজ্ঞানীসকল উদ্বিগ্ন হৈ আছে । কিয়নো কেনেবাকৈ অযোগ্য স্থানত অৱতৰণ কৰিবলৈ গৈ পাহৰত খুণ্ডা খালে কেপচুলটো ভাঙি পৰিব পাৰে ।

লছ এঞ্জেলছৰ জেট প্ৰ’পালচন লেবৰেটৰী (জেপিএল)ৰ ‘ডিচেণ্ট এণ্ড লেণ্ডিং টিম’ৰ মুৰব্বী এ আই চেনে কয়, ‘সাফল্যতাৰ কোনো নিশ্চয়তা নাই । কাৰণ আমি সবাতোকৈ ডাঙৰ, সবাতোকৈ গধূৰ আৰু সবাতোকৈ জটিল ৰোভাৰখন অৱতৰণ কৰাবলৈ গৈ আছো । অৱতৰণৰ পৰা আৰম্ভ কৰি আৰু একাধিক কাম ৰোভাৰখনে নিজিববীয়াকৈ ৰোভাৰখনে কৰিব লাগিব । সেয়ে এই সাত মিনিট অতি গুৰুত্বপূৰ্ণ ।’

আচলতে এই যানে মঙলৰ আকাশৰ পৰা মাটিত নমাৰ পাছত পৃথিৱীলৈ এটা ৰেডিঅ’ সংকেত মহাকাশৰ পৰা প্ৰায় ১২৭ নিযুত মাইল পথ অতিক্ৰম কৰি ভূপৃষ্ঠত পাবলৈ সময় লাগিব ১১ মিনিট । লছ এঞ্জেলছৰ জেপিএলৰ বিজ্ঞানীসকলে সেই সংকেত লাভ কৰিব । সমগ্ৰ বিষয়টো সফলভাৱে সম্পন্ন হ’লেহে ৰোভাৰৰ অভিযানক সফল বুলি ক’ব পৰা যাব ।

Exit mobile version