কৰিণা কাপুৰৰ দ্বিতীয় সন্তানৰ খবৰ ল’বলৈ ঘৰত আহি উপস্থিত হ’ল কাপুৰ আৰু খান পৰিয়ালৰ সদস্য

Kareena Saif

অতি সোনকালেই পৃথিৱীলৈ আহিব কৰিণা কাপুৰ খানৰ দ্বিতীয় সন্তান । কৰিণাক চিকিৎসালয়ত ভৰ্তি কৰোৱা পূৰ্বে কাপুৰ আৰু খানৰ দুয়োটা পৰিয়ালৰ সদস্যসকল গৰ্ভৱতী কৰিণাক লগ কৰিবলৈ আহে। অভিনেতা ছেইফ আলী খানে কিছু দিন পূৰ্বে এটা সাক্ষাৎকাৰত কৈছিল যে তেওঁলোকৰ সন্তানৰ জন্মৰ সম্ভাৱ্য তাৰিখ ফেব্ৰুৱাৰীৰ মাজ ভাগত হ’ব।

ৰাজীৱ কাপুৰৰ মৃত্যুৰ দিনা কৰিণাৰ পিতৃ ৰণধীৰ কাপুৰেও একেই কথাই নিশ্চিত কৰিছিল।গৰ্ভধাৰণৰ অন্তিম সময়ত থিয় হৈ বেবোৱে নিজকে সক্ৰিয় বুলিও কয়। তেওঁক কেইদিন পূৰ্বে ৰণধীৰ কাপুৰৰ জন্মদিনৰ পাৰ্টিতো দেখা যায়।

ছেইফ আৰু অমৃতা সিঙৰ পুত্ৰ ইব্ৰাহিম আলি খানকো দেখা যায়। এজন এজনকৈ সকলোৱে আহিছে কৰিণাক চাবলৈ ।অভিনেত্ৰীগৰাকীক সোনকালে চিকিৎসালয়ত ভৰ্তি কৰা হ’ব বুলি তেওঁলোকে জানিবলৈ দিয়ে আৰু সোনকালেই শুভবাৰ্ত্তা দেশবাসীৰ ওচৰত আহিব বুলিও কয়।

Exit mobile version