পুত্রক সাবটি ধৰি দীর্ঘসময় চকুলাে টুকিলে মৃত্যুদণ্ডপ্রাপ্ত শ্বৱনমে

917720 shabnam 2 1

যিকোনাে মুহূর্ততে হ’ব পাৰে ফাঁচি। মথুৰাৰ কাৰাগাৰত বন্দী হৈ থকা মৃত্যুদণ্ডৰ ৰায়প্রাপ্ত ভাৰতৰ প্রথমগৰাকী মহিলা অপৰাধীক মৃত্যু পৰােৱানা’ জাৰি হ’লে কাৰাগাৰ কর্তৃপক্ষই ফাঁচি বিহিব।দেশৰ প্ৰথমগৰাকী মহিলা অপৰাধীক ফাঁচি দিবলৈ সম্প্রতি মথুৰা কাৰাগাৰত প্রস্তুতি অব্যাহত আছে।

কাৰাগাৰত বন্দী হৈ থকাৰ সময়তে ২০০৮ৰ ১৩ ডিচেম্বৰত শ্বৱনমে এটি পুত্র সন্তান জন্ম দিছিল।পাছত এই সন্তানটো বুলন্দচহৰৰ দম্পতিয়ে তুলি লৈছিল। কিছুদিন পূর্বে উক্ত দম্পতিয়ে তাজ নামৰ উক্ত তােলনীয়া পুত্ৰক লৈ কাৰাগাৰত শ্বৱনমক সাক্ষাৎ কৰিবলৈ গৈছিল। পুত্র তাজক দেখা মাত্রকে শ্বৱনমে হুককাই কান্দিবলৈ ধৰিছিল আৰু বহু সময় ধৰি তেওঁ তাজক সাবটি ৰাখিছিল।

শ্বৱনমে পুত্ৰক বাৰে বাৰে কৈছিল যে তাজে যাতে তেওঁৰ দৰে এগৰাকী নিকৃষ্ট মাতৃক কেতিয়াও মনত নাৰাখে আৰু পঢ়ি-শুনি ভাল মানুহ হিচাপে নিজকে গঢ় দিয়ে। উল্লেখ্য যে ২০০৮ৰ ১৪ আৰু ১৫ এপ্রিলত শ্বৱনমে তেওঁৰ প্ৰেমিকৰ স’তে বিবাহৰ বিৰােধিতা কৰা নিজ পৰিয়ালৰ সাত সদস্যক কুঠাৰৰে ঘপিয়াই হত্যা কৰিছিল। এই অপৰাধতে উচ্চতম ন্যায়ালয়ে তেওঁক মৃত্যুদণ্ডৰ ৰায় দিছিল।

Exit mobile version