স্বাস্থ্য ভালে থকাৰ ১০টা সহজ উপায়

happy family running in park 906399448

★নিয়মিত আৰু পৰিমিত খাদ্যাভ্যাস গঢ়ি তােলক। খােৱাৰ তালিকাত আঁশযুক্ত খাদ্য বঢ়াওক। আমিষ আৰু চর্বিজাতীয় খাদ্য কমকৈ খাওঁক। ভজা-পূৰা আৰু ফাস্টফুড জাতীয় খাদ্য পৰাপক্ষ্যত বন্ধ কৰাই উত্তম।

★খাদ্যৰ আৰম্ভণিতে একৰ পৰা দুই গ্লাচ পানী পান কৰক। খােৱাৰ শেষত অন্তত একৰ পৰা দুই ঘণ্টা পাছত পানী পান
কৰক।

★মাংস, দোকানৰ পৰা কিনা মিঠাই, ঘি, ডাল আৰু ডালজাতীয় খাদ্য কমকৈ খাওঁক।

★ ফলমূল আৰু শাকপাচলি বেছিকৈ খাদ্যৰ তালিকাত ৰাখক। একেবাৰে বেছি খােৱাতকৈ অলপ অলপকৈ বাৰে বাৰে খাব পাৰে।

★ৰাতিৰ আহাৰ সােনকালেই কৰা উচিত। খােৱাৰ একৰ পৰা দুই ঘণ্টাৰ পাছত টোপনি যােৱাৰ অভ্যাস গঢ়ি তােলক।

★সুস্বাস্থ্য আৰু ফিগাৰৰ বাবে নিয়মিত আৰু পৰিমিত টোপনিৰ প্রয়ােজন। দিনত টোপনি যােৱাৰ অভ্যাস ত্যাগ কৰি ৰাতিত সােনকালেই টোপনি যােৱাৰ অভ্যাস গঢ়ি তােলক। প্রতিদিনে ছয়ৰ পৰা সাত ঘণ্টা টোপনিৰ অভ্যাস গঢ়ি তােলক।

★যিসকলৰ মেদ বা পেটত চর্বী বাঢ়িছে সিহঁতে নিয়মিত আৰু সঠিক ব্যায়াম কৰিব পাৰে। ইয়াৰ বাবে এজন ফিজিওথেৰাপি বিশেষজ্ঞৰ পৰামর্শ গ্রহণ কৰিব পৰা যায়। মনত ৰখা দৰকাৰ যে ভুল ব্যায়াম ও অনিয়ন্ত্রিত ‘জিম এক্সাৰছাইজ’য়ে আপােনাৰ সমস্যা আৰু বৃদ্ধি কৰি পাৰে।

★ প্রতিদিনে সমতল ঠাইত খােজকঢ়াৰ চেষ্টা কৰক। মনত ৰাখিব খােজকঢ়া সর্বোৎকৃষ্ট ব্যায়াম। নিয়মিত অন্তত একৰ পৰা দুই ঘণ্টা খােজকঢ়াৰ অভ্যাস কৰক।

★ৰাতিপুৱাই টোপনিৰ পৰা উঠাৰ অভ্যাস গঢ়ি তােলক। স্কুল, কলেজ বা অফিচলৈ যােৱাৰ আগতেই গাধুই পেলাওঁক।

★বেছি ওখ তলালৈ উঠাৰ দৰকাৰ নহ’লে, লিফটৰ পৰিৱর্তে চিড়ি ব্যৱহাৰ কৰক।

Exit mobile version