শালবাৰীত মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনীৰ প্ৰতিবাদী কাৰ্যসূচী

ভোট বৰ্জনৰ হুংকাৰ

268b2b0c cf74 44b0 aafd 2ba523e3d8b0

অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ আহ্বানত শালবাৰী মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনীয়ে আজি বাগসাৰ শালবাৰীত শিক্ষা বিষয়াৰ কাৰ্যালয় ঘেৰাও কৰি তিনিঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে ৷

সংশোধিত দৰমহা বিধি অনুসৰি বিদ্যালয়সমূহত কৰ্মৰত প্ৰধান শিক্ষকৰ পদ সৃষ্টি কৰা, স্নাতক শিক্ষকৰ ৮৭০০ টকাৰ গ্ৰেড পে আদায় দিয়া, নতুন পেঞ্চন আঁচনি বাতিল কৰি পুৰণি পেঞ্চন নীতি বাহাল ৰখা, আৰ্জিত ছুটী বছৰি ৩০ দিনলৈ বৃদ্ধি কৰা ইত্যাদি দাবীৰে বিভিন্ন শ্লোগান দি শিক্ষকসকলে প্ৰতিবাদত উত্তাল কৰি তোলে মহকুমা শিক্ষা বিষয়াৰ কাৰ্যালয় ৷ আনহাতে উক্ত দাবীসমূহ চৰকাৰে পূৰণ নকৰিলে সমাগত বিধানসভা নিৰ্বাচনত ভোট বৰ্জনৰো হুংকাৰ দিয়ে সন্মিলনীৰ শিক্ষকসকলে

Exit mobile version