শ্বৱনম পুত্রৰ আবেদন,ৰাষ্ট্রপতি আংকল, মােৰ মাক ফাঁচি নিদিব

c0734bd0e1299bd522ed5ceb4875db42 original

উত্তৰ প্ৰদেশৰ অমৰােহাৰ বহুচর্চিত বামনখেড়ী কাণ্ডৰ অপৰাধী শ্বৱনমৰ মৃত্যু পৰােৱানা যিকোনাে মুহূর্ততে জাৰি হ’ব পাৰে। মথুৰাৰ কাৰাগাৰত সম্প্রতি শ্বৱনমক মৃত্যুদণ্ড বিহাৰ প্রস্তুতি অব্যাহত আছে। উল্লেখ্য যে ফাঁচিৰ শাস্তি কার্যকৰী হলে স্বাধীনতাৰ পাছত এই শাস্তি লাভ কৰা শ্বৱনমে হ’ব প্রথমগৰাকী মহিলা অপৰাধী।

শ্বৱনমৰ ফাঁচিৰ প্রক্রিয়া অব্যাহত থকাৰ সময়তে তেওঁৰ পুত্র তাজে ৰাষ্ট্রপতি ৰামনাথ ক’বিক মাতৃৰ শাস্তি মাফ কৰিবলৈ আবেদন জনালে।হাতত বেনাৰ লৈ ভিডিঅ’ আবেদনৰ জৰিয়তে তাজে তেওঁৰ মাতৃক মৃত্যুদণ্ড নিদিবলৈ ৰাষ্ট্রপতিক আহ্বান জনায়। তাজে হাতত লােৱা বেনাৰত এইদৰে লিখা আছিল ৰাষ্ট্রপতি আংকল, মােৰ মাৰ ফাঁচিৰ শাস্তি মাফ কৰি দিয়ক।

ছবছৰীয়া বয়সৰ তাজে একাধিক টেলিভিছন চেনেলৰ জৰিয়তেও তেওঁৰ মাতৃক ফাঁচি নিদিবলৈ কাতৰভাৱে অনুৰােধ জনাইছে। কাৰাগাৰতে জন্ম লাভ কৰা তাজক বুলন্দচহৰৰ এটি পৰিয়ালে প্রতিপালন কৰি আহিছে। উল্লেখ্য যে শ্বৱনমক তেওঁৰ পৰিয়ালৰ সাতজন সদস্যক কুঠাৰৰে ঘপিয়াই হত্যা কৰাৰ অভিযােগত দোষী সাব্যস্ত কৰি উচ্চতম ন্যায়ালয়ে ফাঁচিৰ ৰায় দিছিল।

Exit mobile version