ধুবুৰীত অবৈধ ফাৰ্মাচী আৰু পৰীক্ষাগাৰৰ বিৰুদ্ধে জিলা প্ৰশাসনৰ অভিযান

এটা পৰীক্ষাগাৰ আৰু চাৰি খন ফাৰ্মাচী ছীল কৰে জিলা প্ৰশাসনে

1482515155 826

ধুবুৰীৰ অসামৰিক চিকিৎসালয়ৰ সমীপত (ঝগৰাৰপাৰ) অবৈধ ফাৰ্মাচিৰ বিৰুদ্ধে জিলা প্ৰশাসনৰ অভিযান ।ঔষধৰ ম্যাদ উকলি যোৱা আৰু কোনো ধৰণৰ নথি পত্ৰ নোহোৱাকৈ অবৈধ ভাবে চলাইছিল ৰমৰমীয়া বেহা । “সোভনা মেডিকেল”, “পাৰবীন মেডিকেল”, “চিটি মেভিকেল হল” আৰু গৌৰীপুৰৰ বেপাৰী পট্টিত “মিৰ্জা মেডিহাব” নামৰ ফাৰ্মাচি কেইখন ছীল কৰিলে প্ৰশাসনে ।

ইফালে “সোভনা মেডিকেল”, নামৰ ফাৰ্মাচি খনে বিগত কিছুদিন ধৰি কোনো ধৰণৰ অনুমতি নোহোৱাকৈ ৰোগীৰ এক্স-ৰে কৰি আহিছিল৷ ধুবুৰী জিলা প্ৰশাসনে শনিবাৰে জিলা খনৰ বিভিন্ন স্থানত অবৈধ ভাৱে ব্যৱসায় চলাই থকা ফাৰ্মাচী আৰু পৰীক্ষাগাৰৰ বিৰুদ্ধে অভিযান চলায়৷ অতিৰিক্ত উপায়ুক্ত(স্বাস্থ্য) ছাৰফৰাজ হকৰ নেতৃত্বত শনিবাৰে বিয়লিৰে পৰা নিশা পৰ্যন্ত চলা এই অভিযানত এটা পৰীক্ষাগাৰ আৰু চাৰি খন ফাৰ্মাচী ছীল কৰি দিয়া হয় বুলি অতিৰিক্ত উপায়ুক্ত(স্বাস্থ্য) ছাৰফৰাজ হকে জানিবলৈ দিয়ে।

ইপিনে, গৌৰীপুৰৰ বেপাৰী পট্টিত থকা “মিৰ্জা মেডিহাব” নামৰ পৰীক্ষাগাৰ টোৱে কোনো ৰেডিঅ’লজিষ্ট আৰু পেথ’লজিষ্ট অবিহনে ৰোগীৰ বিভিন্ন পৰীক্ষা কৰি থকাৰ লগতে অনুজ্ঞা পত্ৰ অবিহনে ডে’ কেয়াৰ কেন্দ্ৰ খুলি ৰোগীৰ চিকিৎসা চলাই আহিছিল ৷ চাৰিওখন ফাৰ্মাচীয়ে ফাৰ্মাচিষ্ট অবিহনে ঔষধ বিক্ৰী কৰি থকাৰ কথাও জিলা প্ৰশাসনৰ অভিযানত ধৰা পৰে৷ চাৰিও খন ফাৰ্মাচী ছীল কৰি দিয়াৰ লগতে অভিযানকাৰী দলটোৱে চিটি মেডিকেলৰ স্বত্বাধিকাৰীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা বুলি জিলা প্ৰশাসনৰ সূত্ৰত প্ৰকাশ কৰে ।

জিলা খনৰ ন – পুৰণি ফাৰ্মাচী বোৰ নবিনীকৰণ(Reniwel) তথা পঞ্জীয়ন কৰাৰ লগতে ঔষধ সম্পৰ্কে যাৱতীয় কাম কাজৰ বাবে জিলা ঔষধ পৰিদৰ্শক (Drug Inspector) গৰাকীৰ বিশেষ ভাৱে দৰকাৰ হয়। ঔষধ পৰিদৰ্শক পৰশ মণি বৰুৱাই ধুবুৰী, বঙাইগাঁও, গোৱালপাৰা, বৰপেটা, নলবাৰী সহ মুঠ পাঁচ খন জিলাৰ বিভাগীয় কাম কাজ ধুবুৰীৰ বাহিৰত থাকি পৰ্যালোচনা কৰি অৰ্থাৎ নলবাৰীত বাঁহৰ পাতি ধুবুৰীৰ নিচিনা এখন ব্যস্ত তথা গুৰুত্ব পূৰ্ণ জিলাৰ বিভাগীয় কাম – কাজ বোৰ চোৱা চিতা কৰাৰ লগতে পৰ্যালোচনা কৰা বুলি একাংশ ঔষধ ব্যৱসায়ীৰ লগতে সচেতন ব্যক্তি সকলে এক গুৰুতৰ অভিযোগ উত্থাপন কৰে। অৱশ্যে, আজি সাংবাদিকে ঔষধ পৰিদৰ্শক পৰশ মণি বৰুৱাৰ লগত যোগাযোগ কৰাত, তেখেতে এক ঘৰুৱা কামৰ বাবে বৰ্তমানে নলবাৰীত থকা বুলি জানিব পৰা গৈছে।

Exit mobile version