টেক্সাছবাসীৰ বাসগৃহত ফেনত জমা হ’ল বৰফ, পেয় পানীৰ বাবে হাহাকাৰ

There is a severe snowfall in Texas frost on fans

এইবাৰৰ শীতত নজিৰবিহীন সমস্যাৰ সন্মুখীন হ’ল আমেৰিকাবাসী। প্রচণ্ড শীতৰ ফলত দেশখনৰ বহু অঞ্চলত স্বাভাৱিক জীৱন যাত্রা ব্যাহত হৈছে। শীতৰ প্রকোপ দেশখনত ইমানে বৃদ্ধি পাইছে যে টেক্সাছত বাসগৃহত ভিতৰত বৰফ জমা হ’ল।

আনকি চিলিং ফেনতাে বৰফৰ টুকুৰা প্রত্যক্ষ হ’ল। টেক্সাছত সম্প্রতি পানী আৰু বিজুলীৰ সমস্যাই অঞ্চলবাসীক হাৰাশাস্তি কৰিছে। এই অঞ্চলত এতিয়া প্রশাসনে বিভিন্ন খাদ্য-সামগ্ৰী ৰাইজৰ মাজত বিতৰণ কৰিছে।

প্রচণ্ড তুষাৰপাতৰ ফলত অঞ্চলটোত বিজুলীৰ সৰবৰাহ বন্ধ আছে আৰু বিগত পাঁচদিন ধৰি টেক্সাছত বিজুলীৰ অভাৱত অঞ্চলবাসীয়ে হাহাকাৰ কৰিব লগা হৈছে।

বিজুলী নথকাৰ ফলত ‘হিটাৰ আদি ব্যৱহাৰ কৰিব নােৱৰাত টেক্সাছবাসীয়ে পেয় জলৰ সমস্যাতাে ভুগিছে। এতিয়ালৈকে অহায়’সহ টেক্সাছত প্রচণ্ড শীতৰ ফলত ৫৮ জন লােকৰ মৃত্যু হৈছে। কে’বাজনাে লােকে শীতত বাসগৃহ আৰু গাড়ীত আবদ্ধ থাকি বিষাক্ত গেছ সেৱনৰ ফলত মৃত্যুক সাবটিব লগা হ’ল।

Exit mobile version