ডিঙিৰ বিষৰ পৰা আঁতৰি থকাৰ উপায়

167390 1100

একেৰাহে বৰষুণ, এই ঠাণ্ডা এই গৰম-এনে বতৰত শৰীৰৰ তাপৰ তাৰতম্য হােৱাৰ লগতে সাধাৰণ ৰােগ প্ৰতিৰােধ ক্ষমতা দূর্বল হৈ পৰে৷ ফলত বেছিভাগ লােকেই চর্দি, জ্বৰ, কাঁহ আদিত ভুগিবলগীয়া হয়। ইয়াৰ বাবেই ডিঙি আৰু কান্ধৰ বিষাে আৰম্ভ হ’ব পাৰে। সেইবাবেই ডিঙি আৰু কান্ধৰ বিষ হ’ব পৰা ভাইৰাছ জনিত বা বেক্টেৰিয়াজনিত সংক্রমণৰ পৰা আঁতৰি থাকিবলৈ এই কেইটা সহজ উপায় অৱলম্বন কৰিলে এনে অৱস্থাৰ পৰা যথেষ্ট পৰিমাণে হতাশ পাব পাৰিব।

★যদি আপােনাৰ সঘনাই ডিঙিৰ বিষ হৈ থাকে, তেনেহ’লে প্রতিমাহে আপুনি দাত ব্রাছ কৰিবলৈ এডাল নতুন ব্রাছ ব্যৱহাৰ কৰক। আনহাতে, প্রতিবাৰ ৰােগ হােৱাৰ পিছত একোডাল নতুন ব্রাছ ব্যৱহাৰ কৰক৷ কাৰণ ডিঙিৰ বিষৰ বাবে দায়ী ভাইৰাছ আৰু বেক্টেৰিয়া জমা হৈ থকা অন্যতম ঠায়েই হ’ল টুথব্রাছ।

★আনে ব্যৱহাৰ কৰা খােৱা পাত্ৰ পৰাপত ব্যৱহাৰ নকৰিব।

★আনে ব্যৱহাৰ কৰা টেলিফোন বা পানীৰ টেপ আদি ব্যৱহাৰৰ সময়ত যাতে নাক আৰু মুখত স্পর্শ নকৰে তাৰ প্রতি সচেতন হৈ থাকক।

★ডিঙিৰ বিষত ভুগি থকা ব্যক্তিৰ ঘনিষ্ঠ সম্পর্কৰ পৰা আঁতৰি থাকক।

★যদি আপুনি বসবাস কৰা অঞ্চলটোৰ পৰিৱেশ দূষিত বুলি ভাবে তেন্তে কাঁহ, চদি হৈ থকা সময়ত কোঠাৰ ভিতৰতে থকাৰ চেষ্টা কৰক৷ কিয়নাে এনে অৱস্থাত দূষিত পৰিৱেশলৈ গ’লে আপােনাৰ ৰােগৰ অৱস্থা অধিক শােচনীয় হােৱাৰ সম্ভাৱনা থাকে।

★অতিৰিক্ত মাদক দ্রব্য সেৱন নকৰিব৷

★ধূমপান কৰা ব্যক্তিৰ পৰা আঁতৰি থাকক আৰু নিজেও ধূমপান নকৰিব।

★ যদি কোঠাৰ পৰিৱেশ অতিপাত শুকান হয় তেন্তে কোঠাৰ আর্দ্রতা বৃদ্ধি কৰিবলৈ চেষ্টা কৰক। শৰীৰৰ স্বাভাৱিক ৰােগ-প্ৰতিৰােধ ক্ষমতা বৃদ্ধি কৰাৰ ক্ষেত্ৰত সচেতন হওক।

★অত্যাধিক মানসিক চাপ কমাবলৈ চেষ্টা কৰিলে, স্বাস্থ্যসন্মত খাদ্য গ্রহণ কৰিলে আৰু পৰ্যাপ্ত বিশ্রাম ল’লে শৰীৰৰ ৰােগ প্ৰতিৰােধ ক্ষমতা স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিব।

Exit mobile version