চৰকাৰী এনপিএছ কৰ্মচাৰীৰ কৰ্মবিৰতি

WhatsApp Image 2021 02 23 at 6.32.14 PM

ধুবুৰী জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত উপস্থিত অসম চৰকাৰৰ এনপিএছ কৰ্মচাৰী । হাতে হাতে প্লে’কাৰ্ড লৈ কাৰ্যালয় এৰি ৰাজপথলৈ ওলাই আহিল এইসকল চৰকাৰী কৰ্মচাৰী ।

উল্লেখ্য যে, ৰাষ্ট্ৰীয় পেঞ্চন নীতি বাতিল কৰি পুৰণি পেঞ্চন নীতি বাহাল ৰখাৰ দাবীত মঙলবাৰে ৰাজ্যজুৰি সৰ্বাত্মক কৰ্ম বিৰতিৰ কাৰ্যসূচী পালন কৰিছে সদৌ অসম চৰকাৰী এনপিএছ কৰ্মচাৰী সংস্থাই । প্ৰতিবাদী কাৰ্যসূচী অনুসৰি ৰাজ্যৰ প্ৰতিটো চৰকাৰী কাৰ্যালয়ৰ এনপিএছ কৰ্মচাৰীসকলে আজি নিজ নিজ কাৰ্যালয়ত উপস্থিত হৈ কেৱল পঞ্জীয়ন বহীত চহী কৰিয়েই চৰকাৰী সকলো কামৰ পৰা বিৰত থাকে । শীঘ্ৰেই এনপিএছ কৰ্মচাৰীসকলৰ দাবী পূৰণ কৰাৰ আহ্বান জনাইছে কৰ্মচাৰীসকলে ।

উল্লেখ্য যে, কিছুদিন পূৰ্বেও সদৌ অসম প্ৰশাসন কৰ্মচাৰী সন্থাৰ আহ্বানত স্তব্ধ হৈ আছিল ধুবুৰী জিলাৰ প্ৰায়বোৰ প্ৰশাসনিক কাৰ্যালয় । আজি পুনৰ এনপিএছ কৰ্মচাৰী সংস্থাৰ কৰ্ম বিৰতিয়ে একপ্ৰকাৰ স্তব্ধ কৰি তুলিছে ধুবুৰী জিলাৰ প্ৰায়বোৰ প্ৰশাসনিক কাৰ্যালয় ।

Exit mobile version