ধন দাবী কৰি হোজাই জেলত আৰটিআই কৰ্মী

নিজকে আজমলৰ কৰ্মচাৰী বুলি দাবী

5079

তথ্য জনাৰ অধিকাৰ আইনক ধন ঘটাৰ মাধ্যম হিচাপে ব্যৱহাৰ কৰা এজন ভুৱা আৰটিআই কৰ্মীক কালি ৰাইজে লপা-থপা দি হোজাই আৰক্ষীক চমজাই দিয়ে ৷ সাধাৰণ লোকক ভীতিপ্ৰদৰ্শন কৰিবলৈ তথ্য জনাৰ অধিকাৰ আইনৰ অপব্যৱহাৰ কৰি হোজাই আৰক্ষীৰ জালত পৰিল ভীতিপ্ৰদৰ্শনকাৰী জমিৰ উদ্দিন  ৷ ভুৱা আৰটিআই কৰ্মীজনে নিজকে কৃষক সংগ্ৰাম পৰিষদৰ সভাপতি বুলি পৰিচয় দি হোজাইৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান তথা চৰকাৰী কাৰ্যালয় সমূহত আৰটিআইৰ আবেদন কৰি পাছত ধনৰ বাবে ভীতিপ্ৰদৰ্শন কৰি আহিছিল ৷

এইবাৰ হোজাইৰ আজমল ফাউণ্ডেচনত আৰটিআইৰ আবেদন কৰি ধন বিচৰাৰ সময়ত হাতে-লোটে হোজাই আৰক্ষীয়ে আটক কৰে হোজাইৰ মোৰাজাৰৰ জমিৰ উদ্দিনক ৷ পূৰ্বেও আৰটিআইৰ নামত ধন বিচৰাৰ বাবদ কে’বাবাৰো জেল হাজোতলৈ গৈছিল লোকজন৷

কেইদিনমান পূৰ্বে ভুৱা আৰটিআই কৰ্মীজনে আজমল ফাউণ্ডেচনত নিজৰ চিকিৎসাৰ বাবে সহায় বিচাৰিছিল ৷ মৌলানা বদৰুদ্দিন আজমলে এই কথা জানিব পাৰি লোকজনক চিকিৎসাৰ বাবে ৫০ হেজাৰ টকা প্ৰদান কৰে৷ তাৰ পাছতে জমিৰ উদ্দিনে পুনৰ ধন বিচাৰি হাৰাশাস্তি চলাইছিল আজমল ফাউণ্ডেচনৰ বিষয়াসকলক৷ ধন লাভ নকৰি জমিৰ উদ্দিনে আৰটিআইযোগে আজমল ফাউণ্ডেচনৰ কিছু তথ্য বিচাৰিছিল৷ তথ্য প্ৰদান কৰাৰ পাছতো লোকজনে আৰটিআই উঠাই লোৱাৰ বাবদ ধন বিচাৰি ভীতিপ্ৰদৰ্শনত লিপ্ত হয়৷ বাৰে বাৰে বিষয়াসকলক ধন বিচাৰি ভীতিপ্ৰদৰ্শনৰ লগতে ভাবুকি প্ৰদান কৰে ৷

আজি ভুৱা আৰটিআই কৰ্মীজনে ফাউণ্ডেচনৰ কাৰ্যালয়ত আহি সঞ্চালক ড° খচৰুল ইছলামক ভাবুকি দি আৰটিআই উঠাই লোৱাৰ নামত পুনৰ ধন বিচাৰে৷ ফাউণ্ডেচনে লগে লগে হোজাই আৰ‌ক্ষীক খবৰ দিয়াত আৰক্ষীয়ে আটক কৰে ভুৱা আৰটিআই কৰ্মীজনক ৷ ভুৱা আৰটিআই কৰ্মীজনে ধন বিচৰাৰ তথ্যসহ আজমল ফাউণ্ডেচনে হোজাই থানাত এটা গোচৰ দাখিল কৰিছে ৷

ইফালে হোজাইৰ একাংশ ব্যৱসায়ীকো ভীতিপ্ৰদৰ্শন কৰা জমিৰ উদ্দিনক ৰাইজে আজি আৰক্ষীক চমজাই দিয়াৰ পূৰ্বে ৰাইজে লপা-থপা দিয়ে ৷ ইতিমধ্যে জমিৰ উদ্দিনে স্থানীয় বহু ব্যৱসায়ী, অনুষ্ঠান-প্ৰতিষ্ঠানত দাখিল কৰা আৰটিআই আবেদন উঠোৱাৰ বাবে ধন দাবী কৰাৰ অডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হৈছে৷ সহজ-সৰল ৰাইজক ভীতিপ্ৰদৰ্শন কৰি পূৰ্বেও কে’বাবাৰ ৰঙাঘৰৰ আলহী হোৱা জমিৰ উদ্দিনক কঠোৰ শাস্তি দিবলৈ দাবী জনাইছে স্থানীয় ৰাইজে ৷

আজমল ফাউণ্ডেচনৰ গোচৰৰ ভিত্তিত হোজাই থানাৰ ১২৭/২১ নম্বৰ গোচৰত জেললৈ প্ৰেৰণ কৰা জমিৰ উদ্দিনে নিজকে আজমলৰ কৰ্মচাৰী বুলি দাবী কৰে । তেওঁক মাহে পাঁচ হেজাৰকৈ টকা দি আহিছিল । কিন্তু তলাবন্ধৰ সময়ত বাকী ৫০ জন লোকৰ দৰে তেওঁকো চাকৰিৰ পৰা খেদি দিছিল । কিন্তু তেওঁ বহুবাৰ পুনৰ চাকৰিত ল’বলৈ আবেদন কৰিছিল যদিও তেওঁক এবাৰ ৫০ হেজাৰ টকা দিছিল । তেওঁক পুনৰ চাকৰিত নিয়োগ কৰিবলৈ  বাৰম্বাৰ কোৱাৰ পাছতো তেওঁক চাকৰিত নল’লে । তেওঁ আৰ টি আই মৰাৰ কথা স্বীকাৰ কৰি কয় যে, ইউ পৰা শিক্ষাৰ বাবে ফাউণ্ডেচনলৈ বছৰি কেইবা কোটি টকা আহে তাৰ মাত্ৰ তিনি কোটি মানহে খৰছ কৰি বাকী থকা সমূহ আত্মসাৎ কৰে তাৰেই সমূহ তথ্য বিচৰাৰ বাবে ষড়যন্ত্ৰ মূলকভাৱে মোক তথ্য দিবলৈ মাতি মাৰপিত কৰি ভুৱা গোচৰ দি এই অৱস্থা কৰিছে । এই ভুৱা গোচৰ দি মোক হাৰাশাস্তি কৰিব বুলি মই আৰক্ষী অধীক্ষকক পূৰ্বতে জনাই থোৱাৰ লগতে হোজাই থানাত এটা গোচৰ দিছিলো ।

Exit mobile version