যোৱা নিশা মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই অহা বন্যহস্তীৰ বৃহৎ জাকে বাগসাৰ শালবাৰীৰ লাৱদাংগুৰি পথাৰ আৰু হেলচীগুৰি অঞ্চলত তাণ্ডৱ চলায় । নিশা প্ৰায় এক বজাত বন্যহস্তীৰ জাকটোৱে বহুকেইটা পৰিয়ালৰ বাসগৃহৰ ক্ষতিসাধন কৰাৰ লগতে তিনিটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণভাৱে ভাঙি পেলায় ৷
পথাৰৰ বিভিন্ন শস্য খাই তহিলং কৰে হাতীৰ জাকটোৱে ৷ হাতীৰ জাকটোৱে অঞ্চলটোৰ মইনামাতা গাঁৱৰ প্ৰতিমা বসুমতাৰী, দেৱী বসুমতাৰী আৰু লাৱদাংগুৰি গাঁৱৰ মনীষা গয়াৰীৰ বাসগৃহ সম্পূৰ্ণভাৱে ভাঙি চুৰমাৰ কৰে ৷ কোনো মতে প্ৰাণ ৰক্ষা কৰি বন্যহস্তীৰ আক্ৰমণৰ পৰা পলাবলৈ সক্ষম হয় পৰিয়ালকেইটাই ৷
কিন্তু ইমানৰ পাছতো মাত্ৰ তিনি কিলোমিটাৰ নিলগত থকা কাহিতামাস্থিত বন বিভাগে কোনোধৰণে নিৰাপত্তা প্ৰদান নকৰে বুলি ৰাইজে অভিযোগ উত্থাপন কৰে ৷ বন্যহস্তীৰ আক্ৰমণৰ ঘটনা অঞ্চলটোত প্ৰায়ে সংঘটিত হৈ অহাৰ পাছতো বন বিভাগে কোনো কাৰ্যকৰী ব্যৱস্থা হাতত নোলোৱাৰ অভিযোগ কৰি বিভাগটোৰ উৰ্দ্ধতন কৰ্তৃপক্ষক ক্ষতিগ্ৰস্ত পৰিয়াল কেইটাক উচিত ক্ষতিপূৰণ আদায় দিবলৈ দাবী জনায় ৷