ঔষধি গুণসম্পন্ন ছালকুঁৱৰী

GettyImages 696251125 header 1024x575 1

★সৌন্দৰ্য বৰ্ধনত ছালকুঁৱৰীয়ে বিশেষভাৱে সহায় কৰে। ছালকুঁৱৰীৰ বিজলখিনিয়ে চুলিৰ গুৰি মজবুত কৰে, চুলিৰ অকালপক্কতা ৰোধ কৰে, উফি নাশ কৰে, চুলি সৰা ৰক্ষা কৰে।

★জুয়ে পোৰাত ছালকুঁৱৰীৰ লগালে ঢৌ নুঠে আৰু ঘাঁ সহজে শুকায়।

★শিশুৰ কৃমি হ’লে ছালকুঁৱৰীৰ বিজল এচামোচাকৈ পাঁচ দিন একেৰাহে খুৱালে কৃমি নাশ হয়।

★ছালকুঁৱৰীৰ বিজল আধা কাপ গৰুৰ গাখীৰৰ লগত মিহলি কৰি তাত দুচামোচ মিচিৰিৰ গুড়ি দি দিনে দুবাৰকৈ একেৰাহে এমাহ খালে শুক্ৰ গাঢ় হয়।

★ জ্বৰ হৈ মূৰত উঠিলে উচ্চ ৰক্তচাপ ত ছালকুঁৱৰীৰ পাত এখন বা দুখন ভালদৰে থেতালি মূৰত ২০-২৫ মিনিট সময় প্ৰলেপ দি থ’লে জ্বৰ কমি যায় আৰু ৰক্তচাপ নিয়মীয়া হয়।

★ মাইগ্ৰেইন বিষত ছালকুঁৱৰীৰ বিজলৰ লগত কধনিয়াৰ গুড়িসম পৰিমাণৰ লৈ পিহি মলম তৈয়াৰ কৰি তালুত ভৰণ দিলে মূৰৰ বিষ, মাইগ্ৰেইনৰ বিষ কমি যায়।

★জণ্ডিছ ৰোগত ছালকুঁৱৰীৰ ৰস ১০ গ্ৰামত ৫০ গ্ৰাম গৰুৰ গাখীৰ মিহলাই দিনে এবাৰ মাত্ৰ এমাহ খালে সমস্যাটো দূৰ হয়।

★পিত্ত বেমাৰত ছালকুঁৱৰীৰ পাতৰ বিজল দুচামুচ প্ৰতি দিনে আহাৰ খোৱাৰ পাছত খাব লাগে।

★প্ৰস্ৰাৱৰ জ্বলা-পোৰা হ’লে, প্ৰস্ৰাৱ কম হ’লে ছালকুঁৱৰীৰ পাতৰ বিজল দিনে দুচামুচকৈ ৭ দিন খাব লাগে। ছালকুঁৱৰীৰ বিজলত আধা চামুচ মিচিৰি মিহলাই ল’লে অধিক কামত আহে।

★বিষম জ্বৰত প্ৰস্ৰাৱ কৰোতে কষ্ট পালে ছালকুঁৱৰীৰ পাতৰ বিজল তিনি চামুচ এচামুচ পানী মিশ্ৰণ কৰি খুৱালে অসুখটো ভাল হয়।

★ছালত হোৱা বিভিন্ন ধৰণৰ খৰ-খজুৱতি, উফি, ওকণি আদি নাশ কৰিবৰ বাবে ছালকুঁৱৰীৰ বিজল সানিব লাগে। তেজ গ্ৰহণী ৰোগতো এনেদৰে ব্যৱস্থা গ্ৰহণ কৰিব লাগে।

Exit mobile version