পাকিস্তানৰ এজন ৬২ বছৰীয়া বয়সৰ সাংসদে এগৰাকী নাবালিকাক নিকাহ কৰােৱাৰ ঘটনাই ব্যাপক চাঞ্চল্য সৃষ্টি কৰিছে। প্রকাশিত বাতৰি অনুসৰি, জমিয়ত উলেমা এ ইছলাম দলৰ বালুচিস্তানৰ সাংসদ মৌলানা দুলাহউদ্দিন অয়ুবিয়ে ১৪ বছৰীয়া এগৰাকী কিশােৰীক পত্নী বৰণ কৰে।
সাংসদজনে কিছুদিন পূর্বে এই নিকাহ সম্পন্ন কৰিছিল যদিও সম্প্রতি ৬২ বছৰীয়া ছলাহউদ্দিনৰ এই অপকর্ম চৰ্চালৈ আহিল। এটা স্বেচ্ছাসেবী সংগঠনৰ অভিযোগ ভিত্তিত ইতিমধ্যে সাংসদজনৰ এই বিবাহৰ সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে। নাবালিকাৰ পিতৃয়ে তেওঁৰ কন্যাৰ স’তে সাংসদৰ বিবাহৰ কথা স্বীকাৰ কৰিছে।
পাকিস্তান আইন অনুসৰি নিকাহৰ ক্ষেএত পাত্ৰীৰ বয়স ন্যূনতম ১৩ বছৰ হ’ব লাগে। পাত্ৰীৰ বয়স ইয়াতকৈ কম হ’লে এনে বিবাহ আইনৰ দৃষ্টিত অবৈধ গণ্য হ’ব আৰু ইয়াৰ বাবে শাস্তি বিহা হ’ব পাৰে। দুলাহউদ্দিন বালুচিস্তানৰ চিত্ৰালৰ সাংসদ। সাংসদজনে যােৱা বছৰতে নাবালিকাৰ স’তে উক্ত বিবাহ সম্পন্ন কৰিছিল। কিন্তু শেহতীয়াভাৱে পাকিস্তানৰ স্থানীয় এটা স্বেচ্ছাসেৱী সংগঠনে সাংসদজনৰ এই বিবাহ অবৈধ বুলি দাবী কৰি আৰক্ষীক অভিযোেগ দিছিল।