এক মাৰ্চৰ পৰা প্ৰতিষেধক প্ৰদান কৰা হ’ব প্ৰাপ্তবয়স্কসকলক

সিদ্ধান্ত গ্ৰহণ কৰা হ'ল কেন্দ্ৰীয় মন্ত্ৰীসভাৰ বৈঠকত

55970655 101

স্বাস্থ্যকৰ্মী আৰু ফ্ৰণ্টলাইন কৰ্মীসকলৰ পাছত এইবাৰ এক মাৰ্চৰ পৰা ২৭ কোটি সাধাৰণ জনগণক প্ৰতিষেধক প্ৰদান প্ৰক্ৰিয়া আৰম্ভ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে নৰেন্দ্ৰ মোদী চৰকাৰে । আজি কেন্দ্ৰীয় মন্ত্ৰীসভাৰ বৈঠকত সিদ্ধান্ত গ্ৰহণ কৰা হৈছে যে, প্ৰতিষেধক গ্ৰহণৰ বাবে ৬০ বছৰৰ ঊৰ্ধ্বৰ লোকসকলক অগ্ৰাধিকাৰ দিয়া হ’ব ।

লগতে মৃত্যুৰ হাৰ হ্ৰাস কৰিবলৈ ৪৫ বছৰ বয়সৰ ঊৰ্ধ্বৰ কিন্তু দীৰ্ঘদিন ধৰি বিভিন্ন ৰোগত আক্ৰান্ত হৈ থকা সকলকো এই পৰ্যায়ৰ টিকাকৰণত অগ্ৰাধিকাৰ দিয়া হ’ব । বেচৰকাৰী চিকিৎসালয়ত গৈও ধন ব্যয় কৰি প্ৰতিষেধক গ্ৰহণ কৰিব পাৰিব সাধাৰণ লোকে ।

কিন্তু সম্পূৰ্ণ প্ৰক্ৰিয়াটোক লৈ বৰ্তমানেও কিছু প্ৰশ্ন উত্থাপন হৈছে । প্ৰধানমন্ত্ৰীয়ে নিজেই ইমান দিনে প্ৰতিষেধক গ্ৰহণ কৰা নাই । ৬০ ৰ ঊৰ্ধ্বৰ হিচাপে এইবাৰ তেৱোঁ প্ৰতিষেধক গ্ৰহণ কৰিব পাৰিব ।

যোৱা ১৬ জানুৱাৰীৰ পৰা দেশজুৰি কৰ’নাৰ টিকাকৰণ প্ৰক্ৰিয়া আৰম্ভ কৰিছিল কেন্দ্ৰই । প্ৰথম পৰ্যায়ত স্বাস্থ্যকৰ্মী, আৰক্ষী, চাফাইকৰ্মীৰ দৰে ফ্ৰণ্টলাইন কৰ্মীসকলক প্ৰতিষেধক প্ৰদান কৰা হৈছিল ‌। প্ৰথম পাঁচ সপ্তাহত প্ৰায় ১.২ কোটি লোকে প্ৰতিষেধক গ্ৰহণ কৰিছে ।

এই পৰিসংখ্যা কেন্দ্ৰৰ লক্ষ্যমাত্ৰাতকৈ কম হ’লেও দেশৰ বিভিন্ন প্ৰান্তত নতুনকৈ কৰ’না সংক্ৰমণৰ পৰিস্থিতি সৃষ্টি হোৱাৰ বাবে সাধাৰণ জনতাক প্ৰতিষেধক প্ৰদানত দেৰি নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে কেন্দ্ৰীয় চৰকাৰে । বিগত সময়ত এই বিষয়ত স্বাস্থ্যকৰ্মীসকলৰ স’তে বিস্তৰভাৱে বৈঠক কৰে প্ৰধানমন্ত্ৰী মোদীয়ে । ইয়াৰ পাছতেই আজি কেন্দ্ৰীয় মন্ত্ৰীসভাত এই সিদ্ধান্তত মোহৰ লগোৱা হৈছে ।

মন্ত্ৰীসভাৰ বৈঠকৰ পাছত সংবাদ মেলত কেন্দ্ৰীয় মন্ত্ৰী প্ৰকাশ জাভৰেকৰে কয়, ‘এই পৰ্যায়ত ৬০ বছৰ বয়সৰ ঊৰ্ধ্বৰ সকলো দেশবাসীকে প্ৰতিষেধক প্ৰদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে । লগতে ৪৫ৰ পৰা ৬০ বছৰ বয়সৰ ভিতৰৰ যিসকল লোক দীৰ্ঘদিন ধৰি ‘ক্ৰনিক’ ৰোগত আক্ৰান্ত হৈ আছে তেওঁলোককো প্ৰতিষেধক দিয়া হ’ব ।’

স্বাস্থ্যকৰ্মীসকলৰ অনুসৰি, বিগত এক বছৰৰ অভিজ্ঞতা অনুযায়ী, দীৰ্ঘ সময় ধৰি অন্য ৰোগত আক্ৰান্ত হৈ থকা লোক কৰ’না আক্ৰান্ত হৈ মৃত্যু হোৱা তেনে লোকৰ হাৰ অধিক । সেয়ে মৃত্যুৰ হাৰ হ্ৰাস কৰিবৰ বাবে ৪৫-৬০ বছৰ বয়সৰ লোকসকলক প্ৰতিষেধক প্ৰদান কৰা হ’ব ।

প্ৰাথমিকভাৱে দেশৰ ১০ হেজাৰ চৰকাৰী চিকিৎসালয় আৰু ২০ হেজাৰ বেচৰকাৰী চিকিৎসালয়ত কৰ’না প্ৰতিষেধক প্ৰদান কৰা হ’ব । বেচৰকাৰী চিকিৎসালয়ৰ পৰা প্ৰতিষেধক গ্ৰহণ কৰিলে নিজৰ ধন ব্যয় কৰিব লাগিব । বেচৰকাৰী চিকিৎসালয়ত প্ৰতিষেধক গ্ৰহণ কৰিলে কিমান ধন ব্যয় কৰিব লাগিব সেয়া অনাগত কিছুদিনৰ ভিতৰতে চৰকাৰে জনাব । জাভৰেকৰে কয়, ‘চৰকাৰী চিকিৎসালয়ৰ ব্যয় বহন কৰিব কেন্দ্ৰীই । ইয়াৰ বাবে যিমান প্ৰতিষেধকৰ প্ৰয়োজন, সেয়া ৰাজ্যসমূহক প্ৰেৰণ কৰা হ’ব ।’

Exit mobile version