১৩,৭০০ কোটি টকাৰ যুদ্ধাস্ত্র ক্ৰয়ৰ প্ৰস্তাৱত অনুমােদন প্রতিৰক্ষা মন্ত্রণালয়ৰ

ArjunMk 1A

ঘৰুৱা উৎপাদকৰ পৰা মুঠ ১৩,৭০০ কোটি টকাৰ সামৰিক অস্ত্র-শস্ত্র ক্রয়ৰ প্ৰস্তাৱত অনুমােদন জনালে প্রতিৰক্ষা মন্ত্রণালয়ে।

ADVERTISEMENT

এই পুঁজিৰে ১১৮খন অর্জুন এম কে-১ এ টেংকসহ অন্যান্য যুদ্ধাস্ত্র ক্রয় কৰা হ’ব। নতুন টেংক ক্ৰয়ৰ বাবে ৮,৩৮০ কোটি টকা ব্যয় হ’ব।

বর্তমানে ভাৰতীয় সেনাৰ হাতত অর্জুন এম কে-১ টেংক আছে যদিও অর্জুন এম কে-১ এ হৈছে এই টেংকৰ অত্যাধুনিক সংস্কৰণ।

আনহাতে, ভাৰতীয় সেনাৰ বাবে ৩,০০০ ৰাে অধিক সশস্ত্র যুঁজাৰু গাড়ী ক্রয়ৰ বাবদ ৫,৩০০ কোটি টকা ব্যয় কৰা হ’ব। এই আতাইসমূহ সামৰিক সৰঞ্জাম স্বদেশী উৎপাদকৰ পৰা ক্ৰয় কৰাৰ সিদ্ধান্ত লােৱা হৈছে।

Exit mobile version