‘ইয়ে চিৰ্ফ ট্ৰেইলৰ হে !’ অম্বানীৰ গৃহৰ কাষত ৰখা গাড়ীত উদ্ধাৰ হুমকিৰে লিখা পত্ৰই সৃষ্টি কৰিছে ৰহস্যৰ

qr3pdi3 mukesh ambani bomb scare ndtv

মুকেশ অম্বানীৰ গৃহ ‘এণ্টিলা’ৰ কাষত পৰিত্যক্ত গাড়ীৰ পৰা বিস্ফোৰকসহ এখন পত্ৰ উদ্ধাৰ কৰিছে মুম্বাই আৰক্ষীয়ে । পত্ৰত ‘ইয়ে চিৰ্ফ ট্ৰেইলৰ হে !’ বুলি হুমকি দিয়া হৈছে ।

পত্ৰখনত অম্বানী পৰিয়ালক উদ্দেশ্যি লিখা হৈছে, ‘এইটো‌ কেৱল ট্ৰেইলৰহে । নীতা বৌ, মুকেশ ভাই এইটো এটা ভুমুকিহে মাত্ৰ । পৰৱৰ্তী সময়ত বিস্ফোৰকটো সম্পূৰ্ণ হৈ আপোনাৰ ঘৰ পঠাই দিয়া হ’ব । সকলো তৈয়াৰী হৈ গৈছে ।’

আজি মুকেশ অম্বানীৰ গৃহৰ বাহিৰত দীৰ্ঘ‌ সময় ধৰি এখন ধূসৰ বৰণৰ পৰিত্যক্ত স্কৰপিঅ’ ৰখি আছিল । সন্দেহ উপজাত আৰক্ষীক খবৰ দিয়ে স্থানীয় ৰাইজে । আৰক্ষীয়ে আহি তদন্ত কৰাত উদ্ধাৰ হয় ২০ টা জিলেটিন ষ্টিক । ইয়াকে লৈ অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি হয় । এটা ভিভিআইপি অঞ্চলত কেনেকৈ আৰু কোনে বিস্ফোৰক গাড়ীত থৈ গ’ল, তাকে লৈ তদন্ত কৰোঁতে আৰক্ষীয়ে হুমকি দি লিখা পত্ৰখন উদ্ধাৰ কৰে। গাড়ীৰ ভিতৰৰ পৰাই পত্ৰখন উদ্ধাৰ কৰা হৈছে বুলি জনায় আৰক্ষীয়ে ।

গাড়ীত লাগি নম্বৰপ্লেটখনো জালি হোৱাৰ বাবে বিষয়টো ৰহস্যময় হৈ পৰিছে । লগতে পত্ৰখনে ৰহস্য ঘনীভূত কৰি তুলিছে । আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে যে, অভিযুক্তসকলেই গাড়ীৰ সম্পৰ্কে জনায় আৰক্ষীক ফোন কৰিছে। প্ৰাথমিকভাৱে আৰক্ষীয়ে মত প্ৰকাশ কৰিছে যে, এমাহ ধৰি এই পৰিকল্পনা চলি আছে । মুকেশৰ গৃহৰ কাষত গাড়ীখন ৰখাৰ পৰিকল্পনা কৰিছিল অভিযুক্তই । কিন্তু নিৰাপত্তাৰ বাবে গৃহৰ পৰা কিছু মিটাৰ দূৰত্ব গাড়ীখন পাৰ্ক কৰে তেওঁলোকে ।

আৰক্ষীয়ে জনায় যে, ইচ্ছাকৃতভাৱেই কিছু দূৰত্বত পাৰ্ক কৰা হৈছে । দুষ্কৃতিকাৰীসকলে বুজাব বিচাৰিছে যে, প্ৰয়োজন হ’লে অম্বানীৰ নিচেই কাষত যাবলৈ বেছি সময় নালাগে তেওঁলোকক ।

Exit mobile version