নিজৰ নামত ষ্টেডিয়াম নিৰ্মাণ কৰাৰ বাবে প্ৰধানমন্ত্ৰী মোদীক কটাক্ষ

লেখকক স্পাইডাৰমেন ধাৰণা কৰি চলচ্চিত্ৰ প্ৰত্যাহাৰ কৰাৰ দাবী

tom holland spiderman

জীৱিতকালতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নামে ম’টেৰা ষ্টেডিয়ামৰ নামকৰণক লৈ সম্প্ৰতি বিতৰ্কৰ সূত্ৰপাত হৈছে । দেশীয় স্তৰৰ লগতে আন্তৰ্জাতিক স্তৰটো সমালোচনা আৰম্ভ হৈছে । কেন্দ্ৰক সমৰ্থন কৰিবলৈ গৈ সমস্যাত পৰিল নেতাসকল । বিশিষ্ট লেখক টম হ’লেণ্ডক অভিনেতা টম হ’লেণ্ডৰ স’তে খেলিমেলি কৰিলে তেওঁলোকে । এই সন্দৰ্ভত টুইটাৰ ভৰি পৰিল ‘স্পাইডাৰমেন’ বয়কট কৰক দাবীৰে ।

বুধবাৰে ভাৰত বনাম ইংলেণ্ডৰ টেষ্টৰ পূৰ্বে আহমেদাবাদৰ ম’টেৰা ক্ৰিকেট ষ্টেডিয়ামৰ নতুন নামকৰণ হয় প্ৰধানমন্ত্ৰী মোদীৰ নামত । ৰাষ্ট্ৰপতি ৰামনাথ ক’বিন্দে ষ্টেডিয়ামটোৰ উদ্বোধন কৰে । ইয়াকে লৈ টুইটাৰত প্ৰধানমন্ত্ৰীক উদ্দেশ্যি ক্লেশ আৰম্ভ কৰে লেখক হ’লেণ্ডে । তেওঁ লিখে, ‘নিজৰ নামত বিশ্বৰ বৃহত্তম ক্ৰিকেট ষ্টেডিয়ামৰ নামকৰণ কৰি মোদীয়ে যি বিনয় দেখুৱাইছে, তাত মুগ্ধ আমি ।’ অন্য এটা টুইটত তেওঁ লিখে, ‘ৰাষ্ট্ৰনেতাৰ এনে কাৰছাজি কোনো দেশৰ বাবে সূক্ষ্ম লক্ষণ নহয় ।’

হ’লেণ্ডৰ এই টুইটৰ পাছত হুৱাদুৱা লাগিবলৈ বেছি‌ সময় নালাগে । কিন্তু কটাক্ষ কৰিবলৈ গৈ মাৰ্ভেল কমিকছৰ জনপ্ৰিয় চৰিত্ৰ ‘স্পাইডাৰমেন’ৰ ভূমিকাত অভিনয় কৰা হ’লেণ্ডৰ স’তে খেলিমেলি কৰিলে বহুতেই । ‘স্পাইডাৰমেন’ ছিৰিজৰ পৰৱৰ্তী চলচ্চিত্ৰখনক বয়কট কৰাৰ দাবী উত্থাপন কৰে নেতাসকলে । মাইক্ৰ’ব্লগিং ছাইটত দাবী কৰা হয় #বয়কটস্পাইডাৰমেন । মোদী বিজেপি সমৰ্থকসকলৰ লগতে লেখক হলেণ্ডক অভিনেতা টম বুলি ধাৰণা কৰে বিশিষ্ট অভিনেতা তথা কৌতুক অভিনেতা বীৰ দাসেও । তেওঁ লিখে, ‘বাট… স্পাইডাৰমেনেও জেএনইউ’ত পঢ়িছিল নেকি ?’

এই সন্দৰ্ভত লেখক হ’লেণ্ডে টুইট কৰে, ‘এইবাৰ ভাৰতত পৰৱৰ্তী স্পাইডাৰমেনৰ সফল হোৱাৰ বিপুল সম্ভাৱনা আছিল, বোধহয় মই তাত পানী ঢালি দিলো ।’

Exit mobile version