বাঘবৰৰ মন্দিয়াত কংগ্ৰেছৰ বুথ সংকল্প শিবিৰ অনুষ্ঠিত

WhatsApp Image 2021 02 27 at 7.11.38 PM

নিৰ্বাচনৰ দিন ঘোষণা হোৱাৰ লগে লগে যেন থৰকাছুটি হেৰাইছে নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিবলগীয়া বিভিন্ন দলৰ বিধায়ক, নেতা সকলে। কালি ডেৰশতাধিক আঁচনিৰ কাম উদ্বোধন কৰাৰ লগতে আজি কংগ্ৰেছৰ বুথ সংকল্প শিবিৰ অনুষ্ঠিত কৰে বাঘবৰ সমষ্টিৰ বিধায়ক শ্বেৰমান আলী  আহমেদে।

আজি মন্দিয়া মৰাপাট বজাৰত মন্দিয়া ব্লক কংগ্ৰেছৰ সভাপতি আলি আকবৰ আহমেদৰ পৌৰহিত্যত অনুষ্ঠিত বুথ সংকল্প শিবিৰত বাঘবৰ সমষ্টিৰ ১৯খন মণ্ডল কংগ্ৰেছ কমিটিৰ অন্তৰ্গত ১৮৮খন বুথ কমিটিৰ সদস্যসকলে অংশগ্ৰহণ কৰে।

উক্ত বুথ সংকল্প শিবিৰত মুখ্য প্ৰশিক্ষক হিচাপে উপস্থিত থাকি ঝাৰখণ্ডৰ অংকিত বাৰবাৰাই ৰাহুল গান্ধীৰ নিৰ্দেশত বুথ সংকল্প শিবিৰসমূহ অনুষ্ঠিত কৰি অহা বুলি উল্লেখ কৰে। উক্ত শিবিৰৰ প্ৰশিক্ষক হিচাপে উপস্থিত থাকে ক্ৰমে শোভাংকু চান্দ, সৰুক্ষেত্ৰী সমষ্টিৰ কংগ্ৰেছ দলৰ যুৱ বিধায়ক জাকিৰ হোছেইন।

বিধায়ক জাকিৰ হোছেইনে বিজেপি চৰকাৰৰ কাম কাজৰ ক্ষুৰধাৰ সমালোচনা কৰাৰ লগতে বাঘবৰ সমষ্টিৰ বিধায়ক শ্বেৰমান আলী আহমেদক ৰাজনৈতিক গুৰু বুলি অভিহিত কৰে।

উক্ত বুথ সংকল্প শিবিৰ অনুষ্ঠানত উপস্থিত বাঘবৰ সমষ্টিৰ বিধায়ক শ্বেৰমান আলী আহমেদে আগন্তুক বিধানসভা নিৰ্বাচনত যি বুথ কমিটিয়ে সৰ্বাধিক ভোট দিব পাৰিব সেই বুথ কমিটিৰ অঞ্চলত ৫০লাখ টকাৰ আঁচনি, দ্বিতীয় স্থান প্ৰাপ্ত বুথ কমিটিৰ অঞ্চলত ২৫লাখ টকাৰ আঁচনি আৰু তৃতীয় স্থান প্ৰাপ্ত বুথ কমিটিৰ অঞ্চলত ১০লাখ টকাৰ আঁচনিৰ কাম ৰূপায়ণ কৰিব বুলি উল্লেখ কৰে ।

Exit mobile version