লেডী গাগাৰ দুটা কুকুৰ হ’ল চুৰি, সন্ধান দিওঁতাক দিব ৩.৬৫ কোটি টকা

117300713 gaga2

অস্কাৰজয়ী পপ সংগীত তাৰকা লেডী গাগাৰ দুটা পোহনীয়া কুকুৰ যােৱা বুধবাৰে চুৰি হ’ল। প্রকাশিত বাতৰি অনুসৰি অভিনেত্রীগৰাকীৰ তিনিটা পােহনীয়া কুকুৰ আছিল আৰু বুধবাৰে ইয়াৰে এটা কুকুৰক দুবৃর্তই গুলিবর্ষণ কৰিছিৰ আৰু আন দুটা হলিউডৰ পৰা চুৰি হয়।

ADVERTISEMENT

সন্ধানহীন হােৱা দুটা কুকুৰৰ সন্ধান দিওঁতাক জনপ্রিয় সংগীত শিল্পীগৰাকীয়ে পাঁচ লাখ ডলাৰ অর্থাৎ ভাৰতীয় মূল্যত ৩.৬৫ কোটি টকাৰ পুৰস্কাৰ প্ৰদানৰ কথা ঘােষণা কৰিছে। লেডী গাগাৰ পিতৃয়ে নিউ য়র্ক প’ষ্ট’ কাকতত প্ৰকাশ কৰা মতে, এয়া এক ভয়াৱহ ঘটনা আছিল আৰু কোনােবাই তেওঁলােকৰ সন্তানক অপহৰণ কৰি নিয়াৰ দৰে অনুভৱ হৈছে।

লছ এঞ্জেলছ আৰক্ষীয়ে ইতিমধ্যে কুকুৰক গুলিবর্ষণ কৰা আৰু চুৰিৰ ঘটনাৰ সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে। বুধবাৰে গুলিবিদ্ধ হােৱা লেডী গাগাৰ কুকুৰটোক পশু চিকিৎসকে প্ৰাণৰক্ষা কৰে। কিন্তু সংগীত শিল্পীগৰাকীৰ আন দুটা কুকুৰ ক’জি আৰু গুষ্টাভ সম্প্রতি সন্ধানহীন হৈ আছে। টুইটাৰত লেডী গাগাই ঘােষণা কৰা মতে, এই দুটা কুকুৰৰ সন্ধান দিওঁতাক তেওঁ ৩.৬৫ কোটি টকাৰ পুৰস্কাৰ আগবঢ়াব।

Exit mobile version