অম্বানীৰ গৃহৰ কাষত বিস্ফোৰক ৰখাৰ দায়িত্ব স্বীকাৰ কৰিছে জইছ-উল-হিন্দে

81218926

উদ্যোগপতি মুকেশ অম্বানীৰ গৃহৰ কাষত বিস্ফোৰক ৰখাৰ দায়িত্ব স্বীকাৰ কৰিছে জইছ-উল-হিন্দে। মেছেজিং এপ্ টেলিগ্ৰামত এই দায়িত্ স্বীকাৰ কৰিছে তেওঁলোকে । সূত্ৰ অনুসৰি, সম্প্ৰতি দিল্লীত ইজৰাইলী দূতাবাসৰ কাষত হোৱা বিস্ফোৰণতো এই সংগঠনৰে হাত আছিল । এই ঘটনাৰ দ্বাৰা বুজা‌ গ’ল যে, এছিয়াৰ আটাইতকৈ ধনী উদ্যোগপতিও তেওঁলোকৰ লক্ষ্য ।

জইছ-উল-হিন্দৰ নামত টেলিগ্ৰামত বাৰ্তা প্ৰেৰণ কৰি দেশৰ চোৰাংচোৱা সংস্থাক প্ৰত্যাহ্বান জনোৱা হৈছে । জইছ-উল-হিন্দ মেছেজ- ‘বাধা দিব পাৰে যদি দি দেখুওৱা । দিল্লীত বিস্ফোৰণ কৰোতেও তোমালোকে একো কৰিব পৰা নাই । মোছাদৰ স’তে যোগ হৈও একো কৰিব পৰা নাই । কি কৰণীয় সেয়া তোমালোকে ভালকৈয়ে জানা । কেৱল নিৰ্দেশ মানি টকা পঠোৱা ।’

তেওঁলোকে বিবৃতিত নগদ ধনৰ পৰিৱৰ্তে বিটকইনত পঠোৱাৰো দাবী কৰিছে । আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে । কিন্তু এই ঘটনাৰ স’তে কোন জড়িত হৈ আছে এতিয়ালৈকে ইয়াৰ কোনো সম্ভেদ পোৱা নাই ।

যোৱা শুকুৰবাৰে মুম্বাইত অম্বানীৰ গৃহ ‘এণ্টিলিয়া’ৰ কাষত ৰখি থকা গাড়ীত বিস্ফোৰক আৰু ২০ টা জিলেটিন ষ্টিক উদ্ধাৰ হৈছিল । গাড়ীৰ ভিতৰৰ পৰা বহুকেইটা নাম্বাৰ প্লেটো উদ্ধাৰ হয় । অম্বানীৰ পৰিয়ালৰ নিৰাপত্তাৰক্ষীসকলৰ গাড়ীৰ নম্বৰৰ স’তে একেই নাম্বাৰ প্লেটো উদ্ধাৰ হয় ।

জইছ-উল-হিন্দ নামে কোনো সংগঠন আছে নে নাই তাৰো কোনো সম্ভেদ পোৱা নাই । ইজৰাইলী দূতাবাসৰ সন্মুখত বিস্ফোৰণ হোৱাৰ পূৰ্বে এই সংগঠনৰ নামো কোনো শুনা নাছিল ।

Exit mobile version