অসুস্থ বিগ বি, কৰিব লাগিব অস্ত্ৰোপচাৰ

জনালে জনপ্ৰিয় অভিনেতাই

amitabh bachchan 660 120412030431 013113115626

শাৰীৰিক অসুস্থতাৰ বাবে বিগ বি অমিতাভ বচ্চনে কৰিব লাগিব অস্ত্ৰোপচাৰ । এই বিষয়ে নিজৰ ব্লগত প’ষ্ট কৰে জনপ্ৰিয় অভিনেতাজনে । প’ষ্টটো দেখাৰ পাছত প্ৰিয় অভিনেতাক লৈ দুশ্চিন্তাত পৰিছে অনুৰাগীসকল ।

কালি নিজৰ ব্লগত অভিনেতা বচ্চনে লিখে, ‘অসুস্থ…..অস্ত্ৰোপচাৰ……লিখিব পৰা নাই ।’ অনুৰাগীসকলে তেওঁৰ সুস্বাস্থ্যৰ কামনা কৰি কমেণ্টেৰে ভৰাই পেলাইছে প’ষ্ট ।

কালি এটা টুইটো কৰে তেওঁ, ‘কিবা এটা প্ৰয়োজনতকৈ বেছি বৃদ্ধি পাইছে । কিবা এটা কাটি পেলালে ভাল হৈ যাব । জীৱনৰ ভৱিষ্যত এইটো । অহা কালিয়ে জানিব পৰা যাব কি হ’ব ।’

https://twitter.com/SrBachchan/status/1365370965165625345?ref_src=twsrc%5Etfw%7Ctwcamp%5Etweetembed%7Ctwterm%5E1365370965165625345%7Ctwgr%5E%7Ctwcon%5Es1_c10&ref_url=https%3A%2F%2Fwww.anandabazar.com%2Fentertainment%2Famitabh-bachchan-to-undergo-surgery-due-to-medical-conditions-dgtl%2Fcid%2F1268748

বিগত বৰ্ষৰ জুলাইত কৰ’না ভাইৰাছত আক্ৰান্ত হৈছিল বিগ বি । ২২ দিন মুম্বাইৰ নানাবতী চিকিৎসালয়ত চিকিৎসাধীন হৈ আছিল । তেতিয়া তেওঁ টুইটাৰযুগে নিজৰ স্বাস্থ্যৰ কথা জনাইছিল অনুৰাগীসকলক । তেওঁৰ সুস্বাস্থ্যৰ কামনা কৰি দেশৰ সকলো প্ৰান্তত পূজা অৰ্চনা কৰিছিল অনুৰাগীসকলে । সুস্থ হৈ দুই আগষ্টত ঘৰমুৱা হয় অমিতাভ । এইবাৰো যাতে বিপত্তি নাশ হৈ সুস্থ হৈ ঘৰলৈ উভতি আহে তাৰেই কামনা কৰে অনুৰাগীসকলে ।

শৰীৰৰ অসুস্থ হ’লেও, কামৰ পৰা বিৰতি নাই অভিনেতাৰ । অতি শীঘ্ৰে ‘চেহৰে’ আৰু ‘ঝুণ্ড’ ছবিত দেখা যাব তেওঁক । প্ৰথমখন মুক্তি পাব ৩০ এপ্ৰিলত আৰু দ্বিতীয়খন ১৮ জুনত । লগতে অয়ন মুখোপাধ্যায়ৰ ‘ব্ৰহ্মাস্ত্ৰ’ চলচ্চিত্ৰটো দেখা যাব তেওঁক ।

Exit mobile version