গোঁসাইগাঁৱত নবগঠিত ডিজিটেল মিডিয়া প্রেছ ক্লাৱৰ শপত গ্ৰহণ

11

কোকৰাঝাৰ জিলাৰ গোঁসাইগাঁৱত  নিউজ প’ৰ্টেলৰ সাংবাদিক সকলে গঠন কৰে গোঁসাইগাঁৱ ডিজিটেল মিডিয়া প্রেছ ক্লাৱ নামৰ এটি সংগঠন। প’ৰ্টেলৰ সাংবাদিক ৰফিকুল ইছলামক সভাপতি আৰু ধাংশ্রাং ব্রহ্মক সাধাৰণ সম্পাদক হিচাপে লৈ ১১ জনীয়া সদস্য সহ গঠন কৰা ডিজিটেল প্রেছ ক্লাৱৰ বিষয়ববীয়া আৰু সদস্য সকলে আজি দিনৰ ১১ বজাত গোঁসাইগাঁও কৃষি বিজ্ঞান কেন্দ্ৰৰ আবৰ্ত্ত ভৱনত  শপত গ্ৰহণ কৰে ।উক্ত সভাত সভাপতিত্ব কৰে গোঁসাইগাও প্রেছ ক্লাৱৰ উপ সভাপতি তথা দৈনিক অগ্রদূতৰ সাংবাদিক শংকৰ চৌধুৰীয়ে। মুখ্য অতিথি হিচাপে অংশ গ্ৰহণ কৰে গোঁসাইগাঁৱ বি এড কলেজ্ৰৰ অধ্যক্ষ ড:অজিত বড়োই। মুখ্য অতিথি অজিত বড়োয়ে বন্তি প্রজ্বলনৰ জৰিয়তে অনুষ্ঠানৰ আৰম্ভ কৰে। মহকুমাৰ সবাতোকৈ জ্যেষ্ঠ সংবাদ সেৱী তথা অসমীয়া প্রতিদিনৰ শ্রীৰামপুৰৰ প্রতিনিধি জ্যোতি প্ৰকাশ তালুকদাৰ নৱগঠিত ডিজিটেল মিডিয়া প্রেছ ক্লাৱৰ প্রতীক উন্মোচন কৰে। উদ্দেশ্য ব্যাখ্যা কৰে প্রেছ ক্লাৱৰ নব নিৰ্বাচিত সভাপতি ৰকিফুল ইছলামে। তেওঁ প’ৰ্টেলৰ সাংবাদিক সকলক ঐক্যবদ্ধ কৰি সংগঠনৰ জন্ম দিয়াৰ বিষয়ে আলোচনা কৰে।বৰ্তমান মানুহৰ মাজত ক্রম বৰ্ধমান ছ’চিয়েল মিডিয়াৰ চাহিদা বৃদ্ধি পোৱাৰ বিষয়ে বক্তব্যত প্রকাশ কৰে।

ইয়াৰ পিছত হালাকুৰা কলেজৰ প্রবক্তা প্রাক্তন সাংবাদিক আশ্রাফুল আলমে ডিজিটেল মিডিয়াৰ কৰ্মকৰ্তা তথা সদস্য সকলক শপত বাক্য পাঠ কৰায়। মুখ্য অতিথি অজিত বড়োয়ে বৰ্তমান সময়ত ডিজিটেল মিডিয়াৰ প্রয়োজন আৰু চাহিদা সম্পৰ্কে  বক্তব্য ৰাখে।

গৰুফেলা আৰক্ষী চকীৰ ভাৰপ্রাপ্ত বিষয়া অংগৰাগ ছেত্রীয়ে সভাত যোগদান কৰি প্রদান কৰা ভাষনত যথেষ্ট বিচক্ষণ ভাৱে উপস্থিত সকলোৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হয়। প্রবক্তা আশ্রাফুল আলমে তেওঁৰ বক্তব্যত সমাজত অন্ধবিশ্বাস ,কুসংস্কাৰ,বাল্য বিবাহ আদি ধৰ্মীয় সংখ্যালঘু সম্প্ৰদায়ৰ মাজত অধিক বৃদ্ধি পোৱাৰ বাবে উদ্বেগ প্রকাশ কৰে। তেওঁ সভাত উপস্থিত জাতীয় সংগঠনৰ নেতৃত্ব আমছু,এবিএমছু ওচৰত যথাযথ ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে।

আনহাতে শ্রীৰামপুৰ প্রেছ ক্লাৱৰ উপদেষ্টা স্বপন কুমাৰ এছে তেওঁৰ ভাষনত প্রেছ কাউন্সিল অব ইন্ডিয়াই অদ্যপি প’ৰ্টেলত কাম কৰা সকলক সাংবাদিক হিচাপে স্বীকৃতি নিদিয়াৰ বিষয়টো উনকাই দিয়ে আজিৰ এই শপত গ্ৰহণ সমাৰোহত আক্রাছু,আমছু,এবিআমছু,আদিবাসী ছাত্ৰ সন্হা,বডো ষ্টুডেন্ট ইউনিয়ন,চাওঁতাল ছাত্ৰ সন্হা আদিৰ কৰ্ম কৰ্তা সকল উপস্থিত থকাৰ লগতে দোতমা প্রেছ ক্লাৱৰ সভাপতি/সহঃ সম্পাদক ক্রমে কৃষ্ণ চন্দ্র বৰ্মন আৰু ধনকেশ বৰ্মন,গোসাইগাঁৱ প্রেছ ক্লাৱৰ সভাপতি সম্পাদক ক্রমে হাফিজুৰ ৰহমান আৰু উৎপল দে,সহঃসম্পাদক ৰুবুল পাঠক,শ্রীৰামপুৰ প্রেছ ক্লাৱৰ সভাপতি সম্পাদক ক্রমে বিশ্বজিত চৌধুৰী আৰু অৰুন গুপ্তা,নিউজ লাইভৰ গোসাইগাঁৱৰ সাংবাদিক দুলাল চন্দ্ৰ ৰায়, আৰু তামাৰহাট প্রেছ ক্লাবৰ কৰ্ম কৰ্তা সকল উপস্থিত থাকে।

 

Exit mobile version