চিৰাঙৰ চিদলী বিধানসভা সমষ্টিত মন্ত্ৰী চন্দন ব্ৰহ্মক প্ৰত্যাহ্বান জনাবলৈ সাজু এজন যুৱনেতা

চন্দন ব্ৰহ্মৰ অস্তিত্ব সংকটত পেলাব পাৰে এইজন প্ৰভাৱশালী যুৱনেতাই

আগন্তক অসম বিধানসভাৰ ৰ্নিবাচনৰ দিন ঘোষণা কৰাৰ লগে লগে যেন ৩১ নং চিদলী জনজাতীয় সমষ্টিত বৃদ্ধি পাইছে ৰ্নিবাচনী তৎপৰতা । চিৰাং জিলাৰ দত্তপুৰ খেলপথাৰত অনুষ্ঠিত হয় নিৰ্দলীয় প্ৰাৰ্থীৰ এখন কাৰ্যকৰী সভা । এই সভাতেই চিদলী সমষ্টিৰ বিধায়ক মন্ত্ৰী চন্দন ব্ৰহ্মক প্ৰত্যাহ্বান জনাবলৈ সাজু হৈছে বহু শিক্ষিত যুৱনেতাই।

জেছায়া চাম্প্ৰামাৰী নামৰ যুৱনেতাজনে নিৰ্দলীয়ভাৱে প্ৰতিদন্দিতা কৰিবলৈ ৰ্নিবাচনী তৎপৰতা আৰম্ভ কৰিছে প্ৰতিটো জাতিজনগোষ্ঠিয় লোকৰ মাজত ।

যুৱনেতাগৰাকীয়ে প্ৰথমে বিপিএফ দলক আওপকীয়াকৈ সহায় কৰি আহিছিল যদিও বিগত বিটিচি পৰিষদীয় ৰ্নিবাচনত ইউপিপিএল দলক সহায় কৰিছিল।

দুয়ো দলৰ কামৰ বিফলতা আৰু মিছা প্ৰতিশ্ৰুতিৰ বাবে যুৱনেতাগৰাকীয়ে এইবাৰ মন মেলিছে চিদলী সমষ্টিৰ পৰা নিৰ্দলীয়কৈ নিজে প্ৰতিদন্দ্বীতা কৰাৰ।

৩১ নং চিদলী জনজাতীয় সমষ্টিত এইবাৰ ৰ্নিবাচনত চন্দন ব্ৰহ্মৰ জয় অনিশ্চয়তা প্ৰকট হৈ পৰিছে। মন্ত্ৰী চন্দন ব্ৰহ্মই সমষ্টিৰ লোকক বিগত তিনিটা কাৰ্যকাল মিছা প্ৰতিশ্ৰুতিৰে ঠগিছে আৰু প্ৰতাৰণা কৰিছে বুলি অভিযোগ কৰে নিৰ্দলীয় প্ৰাৰ্থীজনৰ সমৰ্থকসকলে।

Exit mobile version