বাঘবৰত বিঘাই বিঘাই আলু খেতিত বৃহৎ লোকচানৰ সন্মুখীন দৰিদ্ৰ কৃষক

মূৰে কপালে হাত দিছে মন্দিয়া, দংৰা, দিঘীৰ পাম, চাছৰা, সত্ৰকণৰা, সাতভিটা, মিলিজুলি, ৰাজিৱ নগৰ, বাঘবৰৰ চৰাঞ্চলৰ সাধাৰণ কৃষক ৰাইজে

WhatsApp Image 2021 02 28 at 7.30.59 PM

বৰপেটা জিলাৰ বাঘবৰ সমষ্টিৰ অন্তৰ্গত বৃহত্তৰ মন্দিয়া, দংৰা, দিঘীৰ পাম, চাছৰা, সত্ৰকণৰা, সাতভিটা, মিলিজুলি, ৰাজিৱ নগৰ, বাঘবৰৰ চৰাঞ্চলৰ সাধাৰণ কৃষক ৰাইজে আলু খেতি কৰি বৃহৎ লোকচানৰ সন্মুখীন হৈ মূৰে কপালে হাত দিছে দৰিদ্ৰ কৃষক ৰাইজে।

সাত হেজাৰৰ পৰা আঠ হেজাৰলৈকে প্ৰতি কুইণ্টল আলুৰ বিধান কিনি খেতি কৰা কৃষকসকল বিপদত পৰা পৰিলক্ষিত হৈছে। আলু খেতিয়কসকলে জনোৱামতে আনুমানিক প্ৰতি বিঘাত ৩০ হেজাৰৰ পৰা ৪০ হেজাৰ টকালৈকে ব্যয় কৰি এতিয়া বিঘাই প্ৰতি আলু বিক্ৰী কৰি মাত্ৰ ১৫ হেজাৰৰ পৰা ২০ হেজাৰ  টকালৈকে বিক্ৰী কৰি আছে।

প্ৰতি বিঘাত কৃষকসকলে ২০ পৰা ৩০ হেজাৰলৈকে লোকচানৰ সন্মুখীন হোৱা বুলি দাবী কৰিছে । উল্লেখ্য যে দৰিদ্ৰ কৃষকসকলে অধিক দামত ফচল ক্ৰয় কৰি  খেতি কৰি ন্যায্য দাম নোপোৱাৰ ফলত খেতিতেই বিঘাই বিঘাই আলু পচিবলৈ ধৰাত দৰিদ্ৰ কৃষকসকল দিশহাৰা হৈ পৰিছে।

প্ৰশ্ন উত্থাপন হৈছে এইসকল কৃষকে ন্যায্য মূল্য পাবনে ? খেতিয়কসকলে ক্ষতি হোৱা ক্ষতি পূৰণৰ ব্যৱস্থা কৰিবনে চৰকাৰে ? ইয়াকে লৈ সৰৱ চৰ্চা অব্যাহত কৃষকসকলৰ মাজত।

Exit mobile version