উচাটাৰীত দৰিদ্ৰ পৰিয়ালক আৰ্থিক অনুদান প্ৰদান জমিয়ত উলেমা হিন্দৰ লগতে বিধায়ক ৰবিৰাম নাৰ্জাৰীৰ

WhatsApp Image 2021 03 01 at 1.37.27 PM

কোকৰাঝাৰ জিলাৰ গোসাইগাঁও মহকুমাৰ অধীন আমিনকাটাৰ উচাটাৰী গাঁওৰ বাসিন্দা মৰ্জিনা খাতুন নামৰ এগৰাকী মহিলা গুজৰাটত কাম কৰিবলৈ গৈ ভৰি এখন ভাঙি আহত অৱস্থাত ঘৰলৈ উভতি আহে যদিও আৰ্থিক অভাৱৰ বাবেই উন্নত চিকিৎসা কৰিব পৰা নাই মহিলাগৰাকীৰ ।

এই খবৰ বিয়পি পৰাৰ লগে লগে জমিয়ত উলেমা হিন্দৰ প্ৰতিনিধি উচাটাৰী গাওঁত উপস্থিত হয় আৰু মৰ্জিনা খাতুনক উন্নত চিকিৎসাৰ বাবে আৰ্থিক অনুদান আগবঢ়ায় । অনুদান আগবঢ়াৰ সময়ত উপস্থিত থাকে জমিয়ত উলেমা হিন্দৰ ফকিৰাগ্ৰাম জিলা সমিতিৰ সভাপতি মুফতি ছাইদুৰ ৰহমান , বিটিএডিৰ দায়িত্বত থকা আশাদুল্লা আলী , আবুবক্কৰ ছিদ্দিকে ধৰি বিভিন্নজন ব্যক্তি।

ইপিনে বিপিএফদলৰ কচুগাও ব্লক বিপিএফ উপসভাপতি পালোৱান বড়োও মৰ্জিনাৰ ঘৰত উপস্থিত হৈ বিধায়ক ৰবিৰাম নাৰ্জাৰীয়ে পঠোৱা আৰ্থিক অনুদানো মৰ্জিনাৰ হাতত তুলি দিয়ে । মৰ্জিনা খাতুনে কয় যে গুজৰাটত ঘটনাটো ঘটাৰ পিছত তেওঁক চিকিৎসালয়লৈ লৈ গৈছিল যদিও ভূল চিকিৎসাৰ বাবে ভৰিখন আৰু বেছি বেয়া হ’ল।

ঘৰত অহাৰ পিছত ঘৰৰ সা-সামগ্ৰী বিক্রি কৰি যি টকা পালে সেইখিনিৰে চিকিৎসা কৰিব আৰম্ভ কৰিলে পিছত টকা পইচাৰ অভাবত উন্নত চিকিৎসাৰ পৰা বঞ্চিত হব লগা হল। আজিলৈকে অসম চৰকাৰ তথা বিটিআৰ চৰকাৰৰ পৰা কোনো ধৰনৰ সহায় পোৱা নাই বুলিও সদৰি কৰে।

বিটিআৰ অঞ্চলত কৰ্ম সংস্থাপনৰ অভাৱৰ বাবে অঞ্চলটোৰ বহুতো যুৱক যুৱতী কৰ্মসূত্ৰে বহিঃৰাজ্যলৈ যাবলগীয়া হয় । সেইবাবে বিটিআৰ অঞ্চলত কৰ্ম সংস্থাপন বৃদ্ধি কৰিবলৈ উচাটাৰী গাওঁৰ গাওঁবাসীয়ে বিটিআৰ আৰু অসম চৰকাৰলৈ আহ্বান জনাইছে।

Exit mobile version