কংগ্ৰেছ এআইইউডিএফৰ মিত্ৰজোঁটক কটাক্ষ প্ৰমোদ বড়োৰ

কংগ্ৰেছ এআইইউডিএফৰ মিত্ৰজোঁটক কটাক্ষ কৰি বিটিআৰৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োৱে কয়, ‘১৭ বছৰে যিসকলে লুটি-পুতি খালে ৰাইজৰ বাবে অহা কোটি কোটি টকা আত্মসাৎ কৰিলে সেই সকলো দুৰ্নীতিগ্ৰস্ত দলবোৰ একত্ৰিত হৈছে । যি দলবোৰে অসমৰ ৰাষ্ট্ৰীয় দল হিচাপে কাম কৰি আছে তেওঁলোকে ইমান বছৰে হাগ্ৰামা মহিলাৰীৰ নেতৃত্বাধীন চৰকাৰখন দুৰ্নীতি, ভ্ৰষ্টাচাৰ, হিংসা সেইবোৰত কঠোৰভাৱে মাত মাতি আহিলে সেইসকলে আজি তেওঁলোকৰ লগত লগ লাগিছে ।’

তেওঁ লগতে কয়, ‘তেওঁলোকৰ নীতি আছিল দুৰ্নীতিমুক্ত চৰকাৰ গঠন কৰা, ৰাইজ সম-মৰ্য্যাদা, সম-অধিকাৰ দিয়া, ভূমিৰ অধিকাৰ দিয়া, সকলো ভাষা-সংস্কৃতি জীয়াই ৰখা, দৰিদ্ৰসকলৰ বাবে অহা আঁচনি সফলভাৱে ৰূপায়ন কৰা । সেইবোৰ নকৰাৰ বাবে ই ৰাইজে ক্ষোভিত হৈ আমাক নিৰ্বাচিত কৰিছে ।

সমাগত বিধানসভা নিৰ্বাচনত ইউপিপিএলৰে জয় হ’ব বুলি দাবী কৰি প্ৰমোদ বড়োৱে কয়, ‘এই নিৰ্বাচনত ইউপিপিএলৰ যিকেইজন প্ৰাৰ্থী নিক্ষেপ কৰা হ’ব তেওঁলোক জয়ী হোৱাতো নিশ্চিত হ’ল বুলি মই ভাবো ।

Exit mobile version