কচুগাঁৱত সংস্কাৰ জাগৰণ যাত্রা অনুষ্ঠিত

WhatsApp Image 2021 03 01 at 6.27.59 PM

সমগ্ৰ অসমৰ লগতে কোকৰাঝাৰ জিলাৰ কচুগাঁৱতো প্ৰজ্ঞা ফাউণ্ডেছনৰ উদ্যোগত সংস্কাৰ জাগৰণ যাত্রা অনুষ্ঠিত হয়। উক্ত অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে উত্তৰ কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ জনাৰ্দন দেৱ গোস্বামী, বিশিষ্ট সমাজ সেৱক ৰিকেশ আগৰৱাল ।

অনুষ্ঠানত উপস্থিত থাকি উত্তৰ কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ জনাৰ্দন দেৱ গোস্বামীয়ে ভাষণ প্ৰসংগত কয় যে, সংস্কাৰমূখী প্ৰমূল্যৰে আদৰ্শ পৰিয়াল প্ৰতিষ্ঠা কৰক, সমাজ গঠনত গাঁও আৰু ভূমি সুৰক্ষাৰ ওপৰত গুৰুত্ব দিয়ক, সামাজিক ব্যাধিস্বৰূপ মাদক দ্ৰব্য বৰ্জন কৰক আৰু সমাজ সুৰক্ষা কৰক, থলুৱা সাংস্কৃতিক ঐতিহ্যৰ সুৰক্ষা কৰক, প্ৰকৃতি সুৰক্ষাৰ প্ৰভাৱশালী চিন্তন আৰু ভাৰতীয় দৰ্শন আদিৰ ওপৰত গুৰুত্ব দিয়ক লগতে জৈৱিক কৃষি আৰু গো পালনৰ প্ৰয়োজনীয়তা আৰু আমাৰ কৰণীয় কামখিনি সূচাৰুৰূপে পালন কৰক।

সংস্কাৰ জাগৰণ যাত্রাত উপস্থিত থাকি সত্ৰাধিকাৰ জনাৰ্দন দেৱ গোস্বামীয়ে কচুগাঁৱৰ নিচিনা ভিতৰুৱা অঞ্চলত উপস্থিত হৈ সমাজখনত সচেতনতা বৃদ্ধি কৰাৰ প্ৰয়াসক সচেতন মহলে ধন্যবাদ জ্ঞাপন কৰিছে ।

Exit mobile version