জোৰশিমূলী গাওঁ পঞ্চায়তৰ ভাৰপ্ৰাপ্ত সভাপতিৰ বিৰুদ্ধে দুষ্টচক্ৰৰ মিছা অভিযোগ কৰাক কেন্দ্ৰ কৰি হিতাধিকাৰীয়ে কৰিলে প্ৰতিবাদ

দুষ্টচক্ৰৰ বিৰুদ্ধে থানাত এজাহাৰ দাখিল

WhatsApp Image 2021 03 01 at 2.10.33 PM

দক্ষিণ কামৰূপৰ ছয়গাওঁ সমষ্টিৰ এক নং জোৰশিমূলী গাওঁ পঞ্চায়তৰ ভাৰপ্ৰাপ্ত সভাপতিৰ বিৰুদ্ধে অৰুণোদয় আচনিৰ নামত টকা লোৱা বুলি অভিযোগ উত্থাপন কৰি বাতৰি পৰিবেশন কৰিছিল একাংশ সংবাদ মাধ্যমে।

আজি জোৰশিমূলী গাওঁ পঞ্চায়তৰ সভাপতি জামাল উদ্দিনে উক্ত বাতৰি নস্যাৎ কৰি কয় যে,” মোৰ বিৰুদ্ধে ভুৱা আৰু ভিওিহীনভাৱে মই টকা লোৱা বুলি বাতৰি পৰিবেশন কৰিছে , কাৰণ মই ভাৰপ্ৰাপ্ত সভাপতি হোৱা প্ৰায় এমাহ হ’ল, কিন্তু অৰুণোদয় হিতাধিকাৰী বাচনি প্ৰক্ৰিয়া চলিছিল আজিৰ পৰা চাৰি মাহৰ আগত , সেই সময়ত মই সভাপতি নাছিলো ; তেনে ক্ষেত্ৰত মই কিভাবে টকা লোৱা বুলি অভিযোগ কৰিলে ।

প্ৰকৃততে সেয়া এক দুষ্টচক্ৰৰ ষড়যন্ত্ৰহে মাথো, কাৰণ যি দুজন লোকে অভিযোগ কৰিছে সেই দুজনে এটা কালভাৰ্ট নিৰ্মাণৰ সময়ত মোৰ ওচৰত ৫০ হাজাৰ টকা দাবী কৰিছিল, মই সেই টকা নিদিয়াত তেতিয়াৰে পৰা মোৰ বিৰুদ্ধে হকে বিহকে ষড়যন্ত্ৰ কৰি আহিছে ।

গতিকে মই ভাৰপ্ৰাপ্ত সভাপতি হিচাপে কও যে, বিভাগীয় কৰ্তৃপক্ষই মোৰ বিৰুদ্ধে অনা অভিযোগৰ সত্যতা প্ৰমাণ কৰক।” দুষ্ট চক্ৰক সকিয়াই দি তেওঁ পুনৰ কয় যে, মই টকা লোৱাৰ প্ৰমাণ দিব নোৱাৰিলে মই সেই দুজন ব্যক্তিৰ বিৰুদ্ধে আদালতৰ দ্বাৰস্ত হম।

ইফালে কেইজনমান সচেতন স্থানীয় যুৱক আৰু প্ৰায়বোৰ ৱাৰ্ডৰ হিতাধিকাৰীয়ে উপস্থিত হৈ জামাল উদ্দিনে অৰুণোদয় আচনিৰ নামত কোনো এজন হিতাধিকাৰিৰ পৰা এটা টকাও লোৱা নাই বুলি কলে একাংশ হিতাধিকাৰিয়ে মিছা অভিযোগকাৰীক সকিয়াই দিয়ে।

এই সন্দৰ্ভত ভাৰপ্ৰাপ্ত সভাপতি গৰাকীয়ে চক্ৰটোৰ বিৰুদ্ধে জোৰশিমূলী আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে। উল্লেখ্য এই অভিযোগ প্ৰতি অভিযোগৰ সত্য সত্যতাত কোন সচা কোন মিছা সেয়া বিভাগীয় কৰ্তৃপক্ষই তদন্ত কৰিলেহে প্ৰকৃত ৰহস্য উলাই পৰিব।

Exit mobile version