পেট বিষ নিৰাময় কৰা ঘৰুৱা উপায়

stomachpain 1024x555 1

★পেটৰ বিষ ভাল কৰিবলৈ ক’লা নিমখ, জালুক, ডাঙৰ শিলিখা, বগা জিৰা মিহলাই বটি পানীত দি খাব লাগে।

★মূলাৰ ৰস আৰু নেমুৰ ৰস মিহলাই আহাৰ খোৱাৰ পিছত হোৱা পেটৰ বিষ আৰু গেছত খাব লাগে।

★তেতেলিৰ কুমলীয়া পাত মিহিকৈ বটি তাৰ লগত সৈন্ধৱ লৱণ মিহলাই খালে পেটৰ বিষ ভাল হয়।

★পেটৰ বিষ হ’লে হিং আৰু ক’লা নিমখ দি গৰম কৰি লোৱা মিঠাতেল নাভিৰ চাৰিওফালে সানি দিব লাগে।

★এক গ্ৰাম সৈন্ধৱ লৱণ আৰু আধা চামুচ বগা জিৰাৰ গুড়ি মিহলাই পেটৰ বিষ হ’লে খাব লাগে।

★বচ আৰু মছ্ন্দৰীৰ শিপা বটি নিমখ আৰু জালুক মিহলাই খুৱাব লাগে । পদিনা পাটৰ ৰস এচামুচ খুৱাব লাগে ।

★নিমপাতৰ ৰস, শিলিখাৰ ৰস, জালুক বটা আৰু নিমখ মিহলাই খালেও উপকাৰ পোৱা যায় ।

★নিমপাত আৰু তেজপাত একেলগে বটি ভাত খোৱাৰ আগতে খাব লাগে ।

★এচামুচ আদাৰ ৰসৰ লগত দুচামুচ নেমুৰস আৰু অকণমান চেনি মিহলাই খালে সকলো প্ৰকাৰৰ পেটৰ বিষ ভাল হয়।

Exit mobile version