ঘিউৰ গুণাগুণ

ghee health 898

যি খাদ্যত ঘিউ মিহলোৱা হয় লগে লগে সেই খাদ্যৰ সোৱাদৰ মান-মৰ্যাদা সকলো বৃদ্ধি পায় । পূজা-পাৰ্বণৰ ভোগৰ পৰা আৰম্ভ কৰি বিয়া-সবাহৰ মাছ-মাংসকে ধৰি বিভিন্ন খাদ্যৰ প্ৰস্তুতিত ঘিউ সংযোগ কৰিলেহে যেন সেই খাদ্যৰ সুস্বাদুৱে পূৰ্ণতা পায় ।

★ ঘিউ মানুহৰ দেহৰ বাবে অতি উপকাৰী । ই মানুহৰ স্বাস্থ্যৰ কোনো ক্ষতি নকৰে । সকলো শ্ৰেণীৰ মানুহেই ইয়াক গ্ৰহণ কৰিব পাৰে । ঘিউয়ে শৰীৰৰ দুৰ্বলতা আঁতৰাই শৰীৰটো সবল কৰে ।

★ঘিউ এক উচ্চ গুণবিশিষ্ট তেলজাতীয় খাদ্যদ্ৰব্য । ইয়াত প্ৰধানত: ভিটামিন- এ আৰু ভিটামিন- ই পোৱা যায় ।

★ঘিউ প্ৰধানত: উন্নত মানৰ এণ্টি-অক্সিডেণ্ট আৰু এণ্টি-ভাইৰেলযুক্ত উপাদানেৰে ভৰপূৰ । সেয়েহে ইয়াক সুস্বাস্থ্যৰ উৎস বুলি ক’ব পাৰি ।

★ঘিউ এবিধ অতি পুষ্টিকাৰক খাদ্য হোৱা হেতুকে ইয়াত যথেষ্ট পৰিমাণৰ শক্তি আৰু ভিটামিন যুক্ত হৈ থাকে । ইয়াত থকা উপাদানসমূহ আমাৰ শৰীৰে সহজে গ্ৰহণ কৰিব পাৰে ।

★শৰীৰৰ ওজন হ্ৰাস কৰাৰ ক্ষেত্ৰত ঘিউৰ যথেষ্ট অৱদান আছে । ঘিউত থকা ফেটী এচিডে আমাৰ শৰীৰ্ত থিতাপি লোৱা অলগাতিয়াল চৰ্বি দহন শৰীৰৰ ওজন হ্ৰাস হোৱাত সহায় কৰে । ইয়াৰ ফলত শৰীৰৰ পাচন প্ৰক্ৰিয়া শক্তিশালী হোৱাৰ লগতে শাৰীৰিক সক্ষমতা বৃদ্ধি পায় ।

★ঘিউত যথেষ্ট পৰিমাণৰButyric acid থকা বাবে ই পাকস্থলীত থকা বেক্টেৰিয়াৰ সহায়ত খাদ্যবস্তু শক্তিলৈ ৰুপান্তৰ কৰে । গতিকে স্বাস্থ্যৱান শৰীৰ গঠনত ঘিউৰ যথেষ্ট অৰিহণা আছে । অৱশ্যে কাৰ্বহাইড্ৰেটযুক্ত খাদ্যৰ লগত ঘিউ গ্ৰহণ কৰিলে শৰীৰৰ ওজন হ্ৰাস পোৱাৰ পৰিৱৰ্তে বৃদ্ধি হোৱাহে দেখা যায় ।

★শক্তিশালী পাচন প্ৰক্ৰিয়াৰ বাবে ঘিউ অপৰিহাৰ্য । এক গৱেষণাৰ পৰা প্ৰমাণ পোৱা গৈছে যে যিবোৰ মানুহৰ পাচন প্ৰক্ৰিয়া দুৰ্বল তেওঁলোকৰ দেহত Butyric acid উৎপন্ন নহয় অথবা অতি নিম্নহাৰত উৎপন্ন হয় । নিয়মিত ঘিউ গ্ৰহণৰ দ্বাৰা এইসকল লোকে এনে সমস্যাৰ পৰা হাত সাৰিব পাৰে ।

★শাৰীৰিক প্ৰতিৰোধ ক্ষমতা বৃদ্ধিৰ ক্ষেত্ৰত ঘিউৰ ভূমিকা অতুলনীয় ।

★কেন্সাৰ প্ৰতিৰোধক হিচাপে ঘিউৰ যথেষ্ট গুৰুত্ব আছে । শৰীৰৰ বিভিন্ন অংগত দেখা দিয়া বিভিন্ন উপসৰ্গ নাশ কৰিবলৈ ঘিউ গ্ৰহণৰ তথ্য গৱেষণাত প্ৰমাণিত হৈছে । আয়ুৰ্বেদিক বিজ্ঞানতো বহু ৰোগ প্ৰতিৰোধ কৰিবলৈ ঘিউ ব্যৱহাৰৰ তথ্য পোৱা যায় ।

★শৰীৰৰ হজম শক্তি শক্তিশালী কৰাৰ ক্ষেত্ৰত ঘিউৰ গুৰুত্ব অসীম । পাকস্থলীৰ আম্লিক এচিডৰ নি:সৰণত ঘিউৱে বাধাৰ সৃষ্টি কৰে । ফলত ই আমাৰ হজম শক্তি বৃদ্ধি কৰি আমাক সুস্থ হৈ থকাত সহায় কৰে ।

★ ঘিউ সহজতে আৰু সোনকালে বেয়া হৈ নাযায় । অৰ্থাৎ এক নিৰ্দিষ্ট সময়ৰ ব্যৱধানত আন খাদ্যই যিদৰে গৰম, ঠাণ্ডা বা অন্যান্য কাৰণত ইয়াৰ নিজস্ব গুণাগুণ হেৰুৱাই পেলায়, ঘিউ এইক্ষেত্ৰত ব্যতিক্ৰম । প্ৰতিকূল বতৰতো বহু বছৰলৈ ঘিউৰ গুণাগুণ লোপ নাপায় । সেইবাবে ইয়াক দীৰ্ঘকাল থৈ দিবলৈ কোনো শীত-তাপ নিয়ন্ত্ৰিত ব্যৱস্থাৰ প্ৰয়োজন নহয় । দীৰ্ঘকাল ধৰি ইয়াৰ গুণাগুণ অটুট থাকে । প্ৰায় ১০০ বছৰ পৰ্যন্ত ঘিউ সংৰক্ষণ কৰিব পৰা যায় ।

Exit mobile version