ছাল সোটোৰা পৰা আৰু ছাল ফটা নিৰাময় কৰা ঘৰুৱা উপায়

01 skinproduct Signs Your Skin Products Are Ruining Your

ছাল ফটা নিৰাময় কৰা ঘৰুৱা উপায়

★বকুল ফুলৰ গুৰিৰ লগত মহৰ দৈ আৰু মহৰ গাখীৰৰ পৰা তৈয়াৰ কৰা মাখন একেলগে মিহলি কৰি ডাঠ মলমৰ দৰে প্ৰস্তুত কৰিব লাগে ইয়াৰ পাছত গাৰ ছালত লাহে লাহে হানিব লাগে। এনে কৰিলে গাৰ ছাল নিমজ আৰু উজ্জ্বল হয় লগতে গাৰ ছাল ফটা নাইকিয়া হয়।

★গোল নেমুৰ ৰস ২৫ গ্ৰাম নিতৌ ৰাতিপুৱা খালি পেটত খোৱাৰ উপৰিও নেমু এটা দুটুকুৰাকৈ ফালি গাৰ ছালত লগাব লাগে।

★কেঁচা হালধীৰ ৰস বিশ গ্ৰামকৈ খোৱাৰ উপৰিও কেঁচা হালধি খুন্দি ৰাতি হোৱাৰ আগতে ছালত লগাব লাগে। এনে কৰিলে ছালৰ ৰং উজ্জ্বল হয়।

★আমলখি এই ক্ষেত্ৰত বহু উপকাৰী দিনটোত পাৰিলে ১০/১২ মান খাব লাগে। গুৰুহা যদি ফাটে তেন্তে চতীয়না গছৰ ছালৰ আঠা ফটা অংশত লগাব লাগে। এনে কৰিলে গুৰুহা ফটা বন্ধ হয়।

ছাল সোটোৰা পৰিলে ঘৰতে কেনেদৰে ভাল কৰিব ?

★কেঁচা আমলখি আঠ টা বা ১০টা মান খুন্দি লৈ গা, মোৰ, হাত আৰু ভৰি আদিত ঘঁহি আমলখিৰ ৰসেৰে গা ধুলে গাৰ ছাল নিমজ হয়। এনেদৰে কিছুদিন ব্যৱহাৰ কৰিলে অকালতে চুলি পকা আৰু চুলি সৰাও কমে লগতে আয়ুস বৃদ্ধি হয়।

★কেঁচা হালধি খুন্দি গাত ঘঁহিব লাগে লগতে হালধীৰ ৰস বিশ গ্ৰামকৈ ৰাতিপুৱা খালে গাৰ ছাল সোটোৰা পৰা ৰোগ নাইকিয়া হয় লগতে গাৰ ছাল নিমজ হৈ আহে।

★সুমথিৰা টেঙা ৰস বিশ গ্ৰামকৈ নাইবা গোল নেমুৰ ৰস বিশ গ্ৰামকৈ দৈনিক নিয়মিত ৰূপত খাব লাগে।

★জেতুকা পাতৰ ৰস হানিলেও বহু খিনি উপকাৰ পোৱা যায়। ই ছাল সতেজ আৰু নিমজ আৰু ছালৰ বিভিন্ন ৰোগৰ পৰা দূৰ কৰি ৰাখে।

★পকা আমৰ ৰস গাখীৰৰ লগত মিহলি কৰি সময় পালেই খাব লাগে। এনে কৰিলে ছালৰ কোষ বিলাক সুস্থ হয় আৰু ছাল সুতুৰা পৰা ৰোগ দূৰ হয়।

Exit mobile version