বিমানতে মৃত্যু এজন ইণ্ডিগো যাত্ৰীৰ

ec4fnt5o indigo a320neo

ছাৰজাৰ পৰা লক্ষ্ণৌ অভিমুখে গৈ থকা অৱস্থাতে কৰাচীৰ মাজ আকাশতে হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু হয় ইণ্ডিগোৰ এজন বৃদ্ধ যাত্ৰীৰ ।

মঙলবাৰে পুৱা যাত্ৰীজন অসুস্থ হৈ পৰাত ততাতৈয়াকৈ বিমানখন কৰাচী বিমানবন্দৰত অৱতৰণ কৰিছিল । কিন্তু চিকিৎসকসকলে জনায় যে বিমামতেই মৃত্যুবৰণ কৰে বৃদ্ধাজনে।

উল্লেখযোগ্য যে ইণ্ডিগো যাত্ৰীজনক হাবিবুৰ ৰহমান (৬৭) বুলি চিনাক্ত কৰা হৈছে। তেওঁ সংযুক্ত আৰব আমিৰছাহিৰ ছাৰজা ৰ পৰা উত্তৰপ্ৰদেশৰ লক্ষ্ণৌ অভিমুখে ইণ্ডিগোৰ ৬ই ১৪১২ বিমানত উঠিছিল।

যেতিয়া বিমানখন পুৱা প্ৰায় চাৰি বজাত কৰাচীৰ আকাশত আছিল তেতিয়া তেওঁ অসুস্থ অনুভৱ কৰিছিল। বিমানৰ চালকজনে সোনকালে অৱতৰণ কৰিবলৈ বিমান নিয়ন্ত্ৰণৰ স’তে যোগাযোগ কৰে আৰু ই কৰাচীৰ জিন্না আন্তৰ্জাতিক বিমানবন্দৰত প্ৰায় ৫.৩০ বজাত অৱতৰণ কৰে।

উল্লেখযোগ্য যে হৃদৰোগ আক্ৰান্তৰ ফলত মাজভাগত হাবিবুৰৰ মৃত্যু হৈছিল, ইণ্ডিগোবিমানখনে মঙলবাৰে পুৱা প্ৰায় ৮.৩০ বজাত তেওঁৰ শৰীৰৰ স’তে কৰাচীৰ পৰা ভাৰতলৈ ৰাওনা হয়।

Exit mobile version