বৰ্তমানেও প্ৰশ্নৰ মুখত এইচ-১বি ভিছা

dc Cover r3ce3ib135p32ern8gslgm8cm5 20180228004509.Medi

প্ৰব্ৰজনকাৰীসকলৰ বাবে আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে মোতায়েন কৰা গ্ৰীণকাৰ্ড সম্পৰ্কীয় ঘোষণা পত্ৰ বাতিল কৰিলে নৱ নিৰ্বাচিত জ’ বাইডেনে । এক নিৰ্দেশ অনুসৰি, নতুনকৈ গ্ৰীণকাৰ্ডৰ বাবে আবেদনৰ সুযোগ লাভ কৰিব প্ৰবাসীসকলে ।

আন এক নিৰ্দেশনা এইচ-১বি ভিছা থকা সকলৰ স্ত্ৰী বা স্বামীয়ে পুনৰ আমেৰিকাত কাম কৰাৰ সুযোগ লাভ কৰিব । এইসমূহ নিৰ্দেশনা দ্বাৰা কিছুপৰিমাণে হ’লেও সকাহ অনুভৱ কৰে প্ৰবাসীসকলে । কিন্তু এই পৰ্যন্ত এইচ-১বি ভিছাৰ ক্ষেত্ৰত ইতিবাচক পদক্ষেপ গ্ৰহণ কৰা নাই নতুন চৰকাৰে ।

ক্ষমতাত আহিলে প্ৰব্ৰজিতসকলৰ বাবে নতুন ভিছা নীতি গ্ৰহণ কৰা হ’ব বুলি নিৰ্বাচনৰ পূৰ্বেই ঘোষণা কৰিছিল জ’ বাইডেনে । সেয়ে আমেৰিকাত পুনৰ কামৰ সুযোগ লাভৰ স্বপ্ন দেখিছিল প্ৰবাসীসকলে । ভিছা নীতি পৰিৱৰ্তন কৰাৰ কথা ঘোষণা কৰিলেও এইচ-১বি ভিছাৰ সংখ্যা বাঢ়িব নে নাই সেয়া বৰ্তমানেও স্পষ্ট হোৱা নাই ।

আমেৰিকাৰ কংগ্ৰেছ ডেম’ক্ৰেটসকলৰ ভৱিষ্যত পৰিকল্পনাত অগ্ৰাধিকাৰ লাভ কৰা নাই এইচ-১বি ভিছা নীতিয়ে । ডেম’ক্ৰেটসকলে সম্প্ৰতি শৰণাৰ্থী সমস্যা, কৃষিকৰ্মীৰ সমস্যা, বেআইনীভাৱে আমেৰিকাত প্ৰৱেশ কৰা শিশুসকলৰ অধিকাৰ আৰু ভৱিষ্যত ইত্যাদি বিষয়ত অধিক গুৰুত্ব আৰোপ কৰিছে । ফলত প্ৰব্ৰজিত দক্ষ কৰ্মীসকলৰ ভিছাৰ সংখ্যা কেতিয়া বৃদ্ধি কৰা হ’ব, সেয়া অস্পষ্ট হৈ আছে ।

কৰ’না অতিমাৰীৰ ফলত নিবনুৱাত পৰিণত হোৱা আমেৰিকানসকলৰ বাবে কামৰ সুযোগ বৃদ্ধি কৰিবলৈ এইচ-১বিসহ একাধিক ভিছাৰ টুপ দিছিল প্ৰাক্তন ৰাষ্ট্ৰপতি ট্ৰাম্পে । নতুন এইচ-১বি ভিছা প্ৰদান কৰা বন্ধ কৰা হৈছে আৰু বছৰে সৰ্বোচ্চ ৬৫ হেজাৰ জনক এই ভিছা অনুমোদনৰ অনুমতি প্ৰদান কৰা হৈছে ।

ফেচবুক, গুগলৰ দৰে বহুজাতিক তথ্যপ্ৰযুক্তি সংস্থাবোৰে আৰম্ভণিৰ পৰাই এই ভিছা নীতিৰ বিৰোধিতা কৰি আহিছে । বিদেশৰ ‌পৰা দক্ষ কৰ্মী আনিবলৈ পৰিৱৰ্তন কৰা ভিছা নীতিৰ ওপৰতেই  প্ৰশ্ন উত্থাপন কৰিছে তেওঁলোকে ।

Exit mobile version