ভয়ংকৰ বিস্ফোৰণৰ পৰা ৰক্ষা পৰিল ডিফু ৰে’ল ষ্টেচন

ডিফু ৰে’ল ষ্টেচনত কূটাঘাত সংঘটিত কৰাৰ লক্ষ্য লৈছিল উগ্ৰপন্থীয়ে।

পেচেঞ্জাৰ ৰে’লক লক্ষ্য কৰি গ্ৰেণেড বিস্ফোৰণৰ পৰিকল্পনা কৰিছিল সন্দেহযুক্ত ডিএনএলএ উগ্ৰপন্থীয়ে।

ইয়াৰ পূৰ্বেই আৰক্ষীয়ে উমান পাই গ্ৰেণেডসহ এজন সন্দেহজনক ডিএনএলএ সদস্যক আটক কৰে।

সদস্যজনৰ নাম পিনাব সূত্ৰধৰ ওৰফে বিজু।

ডিফু ৰে’ল ষ্টেচনৰ সমীপৰ পৰা আটক কৰা হয় সদস্যজনক।

Exit mobile version