শিশুৰ প্ৰাণ ৰক্ষা কৰিলে ডেলিভাৰী ড্ৰাইভাৰে

961722 child

ভিয়েটনামৰ এজন ডেলিভাৰী ড্ৰাইভাৰে অট্টালিকাৰ দ্বাদশ মহলৰ পৰা তললৈ পৰি থকা এটি শিশুৰ প্ৰাণ ৰক্ষা কৰাৰ বাবে সম্প্ৰতি নায়ক হিচাপে প্ৰশংসনীয় হৈ পৰিছে । প্ৰায় ৪-৩০ বজাত নিগুয়েন এনগ’ক মানে (৩১) পেকেজ ডেলিভাৰ কৰিবলৈ ট্ৰাকত বহি থাকোঁতে এটি শিশুৱে কন্দা শুনা পায় ।

মানে অন্য লোকৰ চিঞৰ শুনা নাছিল বাবে তেতিয়ালৈকে কোনো শিশুৱে আন কিবা কাৰণত কন্দা বুলি অনুমান কৰিছিল । তেওঁ ট্ৰাকৰ খিৰিকী খুলি দেখে শিশুটি দ্বাদশ মহলৰ পৰা পৰিবলৈ লৈছে ।

মানে কয়, ‘মই দেৱালখন অনুমান কৰি দেখিলো যে শিশুটি ধাতৱ ছাদত পৰিব পাৰে । য’ত অট্টালিকাৰ বাবে বৈদ্যুতিক জেনেৰেটৰ ৰখা হয় । সেয়ে মই চাদত বগাবলৈ চেষ্টা কৰিলো ।’ কিন্তু ভৰি পিছলি গৈ শিশুটি পৰিবলৈ লোৱা স্থানত মানৰ ভৰিখন পৰে আৰু তেওঁ শিশুটিক ধৰিবলৈ সক্ষম হয় ।

Exit mobile version