নুমলীগড়ৰ শিক্ষক জয়নাল আবেদিনৰ স্মৃতি চাৰণ সভা সম্পন্ন

আজি নুমলীগড় উচ্চ মাধ্যমিক বিদ্যালয়ত, বিদ্যালয়খনৰ প্ৰতিষ্ঠাপক, প্ৰধান শিক্ষক, সমাজকৰ্মী, সদ্য প্ৰয়াত মঃ জয়নাল আবেদিনৰ স্মৃতি চাৰণ সভা অনুষ্ঠিত হয়। জয়নাল আবেদিনৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে আবেদিনৰ পত্নী জাহিৰা বেগমে।

সভাত বক্তব্য প্ৰদান কৰে নুমলীগড় উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভানেত্ৰী সংগীতা শইকীয়া ৰাভা, অৱসৰ প্ৰাপ্ত শিক্ষয়িত্ৰী লাবণ্য গগৈয়ে।

বিদ্যালয়ৰ প্ৰধান শিক্ষক মহেন শইকীয়াই আঁত ধৰা সভাত অঞ্চলটোৰ তিনি শতাধিক লোকে অংশ গ্ৰহণ কৰে। এক আৱেগ বিহ্বল পৰিৱেশৰ মাজেৰে স্মৃতি চাৰণ অনুষ্ঠানত আবেদিনৰ জীৱন আৰু কৃতিত্ব সম্পৰ্কে আলোকপাত কৰা হয় ।

Exit mobile version