অ’টিটি প্লেটফৰ্মৰ ওপৰত কেন্দ্ৰৰ দৃষ্টি কঠোৰ হওক

নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

supreme court of india photo by rajkumar f766cb72 0ec7 11eb a7ae dbad450b06aa

আজি উচ্চতম ন্যায়ালয়ে অ’টিটি প্লেটফৰ্মত কি প্ৰদৰ্শন কৰা হ’ব তাৰ নিৰ্দেশাৱলী প্ৰকাশৰ নিৰ্দেশনা জাৰি কৰিলে । সমগ্ৰ বিষয়টোত কেন্দ্ৰীয় চৰকাৰৰ হস্তক্ষেপ প্ৰয়োজন বুলিও মন্তব্য কৰে উক্ত ন্যায়ালয়ে । সূত্ৰ অনুসৰি, পৰ্ন’গ্ৰাফীৰ দৰে চলচ্চিত্ৰও প্ৰদৰ্শন কৰা হয় এই মাধ্যমবোৰত । সেয়ে ইয়াৰ ওপৰত বিশেষ নিৰীক্ষণৰ প্ৰয়োজন ।

অ’টিটি প্লেটফৰ্মত কি প্ৰদৰ্শন কৰা হ’ব এই বিষয়ত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ অশোক ভূষণে কয়, ‘সম্প্ৰতি এনে ধৰণৰ মাধ্যমত চলচ্চিত্ৰ বা ছিৰিজ অতি পৰিচিত । কিন্তু ইয়াৰ ওপৰত নিৰীক্ষণ ৰখা প্ৰয়োজন । কাৰণ ইয়াত পৰ্ন’গ্ৰাফীও প্ৰদৰ্শন কৰা হয় ।’

এই ৱেব মাধ্যমৰ ওপৰত দৃষ্টি গোচৰ কৰিবৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰাও দীৰ্ঘদিন চেষ্টা চলাই আছে । এই বিষয়ত এটা কমিটি গঠনৰো পৰিকল্পনা কৰা হৈছে । অভিযোগ অনুসৰি, ক’ভিড পৰিস্থিতিৰ ফলত চলচ্চিত্ৰ গৃহসমূহ বন্ধ থকাৰ বাবে দীৰ্ঘদিন চলচ্চিত্ৰ প্ৰদৰ্শন কৰিব পৰা নাই, সেয়ে এই মাধ্যমবোৰে অবাধে চলচ্চিত্ৰ মুক্তি দিছে । চেনছ’ৰছিপৰ মৰ্যাদা নোহোৱাকৈ নানা ধৰণৰ চলচ্চিত্ৰ মুক্তি দিয়া হৈছে । সেয়ে এই মাধ্যমবোৰক নিয়ন্ত্ৰণত ৰাখিবৰ বাবে উঠিপৰি লাগিছে চৰকাৰ ।

Exit mobile version