ৰাজনীতিত নাহে সৌৰভ গঙ্গোপাধ্যায়

জনালে বিজেপি নেতৃত্বক

7o62eeag sourav ganguly

আগন্তুক সাত মাৰ্চত ব্ৰিগেডত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জনসভা অনুষ্ঠিত হ’ব । সেই সভাত সৌৰভ গঙ্গোপাধ্যায়ে উপস্থিত থাকি আনুষ্ঠানিকভাৱে বিজেপিত যোগদান দিয়াৰ সম্ভৱনা আছিল । সূত্ৰ অনুসৰি, সৌৰভে এতিয়াই ৰাজনীতিৰ পথাৰত ভৰি নিদিয়ে বুলি জনাইছে । তেওঁ নিজৰ এই চূড়ান্ত সিদ্ধান্ত ইতিমধ্যে বিজেপি হাইকামাণ্ডকো জনাইছে ।

বিগত কেইমাহ ধৰি ভাৰতৰ সৰ্বকালৰ অন্যতম সফল অধিনায়কে ৰাজনীতিত নমাৰ বিষয়ত চৰ্চা চলি আহিছে । সৌৰভে ক্ৰিকেট ব’ৰ্ডৰ সভাপতি হোৱাৰ পাছত এই চৰ্চা অধিক তীব্ৰতৰ হয় । ভাৰতীয় ক্ৰিকেট ব’ৰ্ডৰ সচিব গৃহীমন্ত্ৰী অমিত শ্বাহৰ পুত্ৰ জয় । সৌৰভৰ স’তে শ্বাহ পৰিয়ালৰ ঘনিষ্ঠতাক লৈ চৰ্চা আৰম্ভ হয় দেশৰ ক্ৰিকেট আৰু ৰাজনৈতিক মহলত ।

জয় শ্বাহ হেতু ব’ৰ্ড প্ৰশাসনত সৌৰভৰ সতীৰ্থ হোৱাৰ বাবে ক্ৰিকেট ত্যাগ কৰি পিতা-পুত্ৰৰ মাধ্যমত ৰাজনৈতিক সেতুবন্ধনৰ চেষ্টা চলাইছে বুলি চৰ্চা আৰম্ভ হয় ।

বিজেপিৰ কিছুসংখ্যক উচ্চ পৰ্যায়ৰ নেতাই পশ্চিম বংগত সৌৰভক তেওঁলোকৰ দলৰ মুখ্য বনাবৰ বাবে আগ্ৰহ প্ৰকাশ কৰিছিল । এসময়ত সৌৰভে বিজেপিত যোগ দিছে বুলিও শুনা গৈছিল ।

সূত্ৰ অনুসৰি, সৌৰভক মুখ্যমন্ত্ৰীৰ মুখপাত্ৰ হিচাপে নিযুক্তি দিব বিচাৰিছিল বিজেপিয়ে ।

Exit mobile version