আপুনিও বিনা খৰচত যাব পাৰে চন্দ্ৰলৈ

13MAEZAWA 1 jumbo

অৱসৰৰ সময় কটোৱাৰ বাবে মানুহে সততে বিভিন্ন ঠাই ভ্ৰমণ কৰে । এতিয়াৰ পৰা হয়তো মানুহে চন্দ্ৰলৈকো ভ্ৰমণ কৰিব পাৰে । সৌভাগ্য উদয় হ’লে আপুনিও সম্পূৰ্ণ বিনা খৰচত এবাৰ জোনবাইৰ দেশত ভৰি থ’বলৈ পাৰে । ইয়াৰ বাবে আপুনি কেতবোৰ পৰীক্ষাত উত্তীৰ্ণ হ’ব লাগিব ।

আচলতে পৰৱৰ্তী দুটামান বছৰৰ ভিতৰতে চন্দ্ৰলৈ যাব জাপানৰ এজন ধনকুবেৰ । অথচ তেওঁ অকলে নাযায় । লগত আন আঠজনকো তেওঁ সংগীৰূপে লৈ যাব বিচাৰে । তাৰ বাবে আনকি সকলো ব্যয় জাপানী ধনকুবেৰেই বহন কৰিব । এই জাপানী ধনকুবেৰজন হৈছে জাপানৰ বৃহত্তম অনলাইন ফেশ্বন ব্যৱসায়ী য়াছুকু মায়েজাওৱা ।

অহা ২০০৩ত তেওঁ ‘স্পেচএক্স’ নামৰ এটা ব্যক্তিগত কোম্পানীৰ দ্বাৰা নিৰ্মিত ৰকেটত উঠি চন্দ্ৰলৈ যাব । নিজৰ টুইটাৰত মায়েজাওৱাই লিখিছে, ‘চন্দ্ৰলৈ যোৱাৰ টিকট গ্ৰহণ কৰক বিনামূল্যে । আঠজন ক্ৰু সদস্য লাগে । আজিয়ে ‘চাইন আপ’ কৰক ।’

আনহাতে, এটা ইউটিউবত তেওঁ কয়, ‘সকলো মিলাই ১০ৰ পৰা ১২জনৰ ঠাই হ’ব পাৰে । কিন্তু মই আঠজনক মোৰ স’তে যোৱাৰ বাবে আমন্ত্ৰণ জনাইছো ।’

অৱশ্যে অনলাইনত নিজৰ নাম লিখিলেই যে চন্দ্ৰযাত্ৰা নিশ্চিত, সেয়া নহয় । যিসকলে ১৪ মাৰ্চৰ পূৰ্বে পঞ্জীয়ন কৰাব, তেওঁলোকৰ মাজৰ পৰা কেইজনমানক বাছি লোৱা হ’ব । ২১ মাৰ্চত প্ৰথম দফাৰ বাছনিৰ পাছত আৰম্ভ হ’ব পৰীক্ষা । প্ৰতিযোগীসকলক কিছুমান নিৰ্দিষ্ট দায়িত্ব দিয়া হ’ব ।

সেই পৰীক্ষামূলক কাৰ্যত যিসকল উত্তীৰ্ণ হ’ব, তেওঁলোকৰ সাক্ষাৎকাৰ গ্ৰহণৰ পাছত তৈয়াৰ কৰিব চূড়ান্ত তালিকা । সেই তালিকাত নাম উঠিলেই অধিকাৰী হ’ব জোনবাইৰ দেশলৈ যোৱাৰ সৌভাগ্যৰ, তাকো বিনামূল্যে । অৱশ্যে তাৰ পূৰ্বে স্বাস্থ্য পৰীক্ষাৰ দৰে কে’বাটাও ঢাপ পাৰ হোৱাটোও জৰুৰী ।

উল্লেখ্য যে ধনকুবেৰ মায়েজাওৱাই প্ৰথমে কেৱল শিল্পীৰ দল এটা নিয়াৰ কথা ভাবিছিল । যাতে উভতি অহাৰ পাছত তেওঁলোকে নিজৰ অভিযানৰ স্মাৰকৰূপে সৃষ্টি কৰিব পাৰে কোনো শিল্পকৰ্ম । পাছত অৱশ্যে তেওঁ মন সলনি কৰে ।

সেই প্ৰসংগতে এটা নতুন ভিডিঅ’ত ধনকুবেৰজনে কয় যে, শিল্পী নোহোৱা মানুহো সৃজনশীল হ’ব পাৰে । সেই বাবেই নিৰ্দিষ্টকৈ কোনো শিল্পীক তেওঁ চন্দ্ৰ অভিযানৰ সংগী কৰিব নিবিচাৰে ।

Exit mobile version