ধুবুৰী জিলাৰ গৌৰীপুৰ থানাৰ অন্তৰ্গত আশাৰীকিন্দ অঞ্চলত দীৰ্ঘদিন ধৰি একাংশ যুৱকে আৰক্ষীৰ ছত্ৰ-ছায়াত তীৰ, জুৱা, নিচা জাতীয় টেবলেট আদিৰ ৰমৰমীয়া ব্যৱসায় চলাই থকা ঘটনাই সমগ্ৰ অঞ্চলটোৰ লগতে জিলা খনৰ সচেতন ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ।
গৌৰীপুৰ আৰক্ষী থানাৰ অন্তৰ্গত আশাৰীকিন্দ অঞ্চলৰ একাংশ স্বৰ্থন্বেষী যুৱকৰ দলে আশাৰীকিন্দ বজাৰত তীৰ, জুৱা, নিচাজাতীয় টেবলেট আদিৰ ৰমৰমীয়া ব্যৱসায় চলাই যোৱাত অঞ্চলটোৰ সামাজিক পৰিৱেশ বিনষ্ট কৰি তোলাৰ লগতে অঞ্চলটোৰ ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত অন্ধকাৰলৈ ঠেলি দিছে ।
উল্লেখ্য যে, আশাৰীকিন্দ অঞ্চলটোৰ হৰি বৰ্মন, গোকুল পাল , ৰাজু বৰ্মন , শ্ৰীদাম সৰকাৰ , মমিনুৰ আলী , অজয় বৰ্মন , বিশ্বনাথ বৰ্মন , নওসাদ আলী , পলান সৰকাৰ , নিৰঞ্জন সৰকাৰ আৰু আপেশ সৰকাৰ নামৰ এই লোক কেইজনে দীৰ্ঘদিন ধৰি উক্ত বজাৰখনত দিনে-নিশাই মদ, তীৰ , টেবলেট, জুৱা আদিৰ ৰমৰমীয়া বেহা চলাই আহিছে ।
লগতে, অঞ্চলটোৰ জৈন উদ্দিন নামৰ লোকজনৰ ঘৰত দিনে-নিশাই লাখ লাখ টকাৰ জুৱা খেল বহুৱাই ৰমৰমীয়া বেহা চলোৱা বুলি বাৰম্বাৰ স্থানীয় ৰাইজে গৌৰীপুৰ আৰক্ষী থানাৰ ভাৰপ্ৰপ্ত আৰক্ষী বিযয়া মিনাক্ষী নাথক অৱগত কৰি আহিছে ।
ইয়াৰ পাছতো পৰিতাপৰ বিষয় এই যে, কেৱল মাহেকীয়া ধনৰ লালসাত উক্ত লোকসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰাৰ পৰিৱৰ্তে সুৰক্ষা প্ৰদান কৰি থকা বুলি এক গুৰুত্বৰ অভিযোগ উত্থাপিত হৈছে । এই ক্ষেত্ৰত স্থানীয় সচেতন ৰাইজে ধুবুৰী জিলা আৰক্ষী অধীক্ষকগৰাকীৰ পূৰ্ণ হস্তক্ষেপৰ দাবী জনাইছে ।
সম্প্ৰতি ধুবুৰী জিলা আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই এইসকল লোকৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষ্যণীয় হৈ পৰিছে ।