বিপিএফৰ কচুগাওঁ‌ ব্লকৰ উদ্যোগত যোগদান কাৰ্য্যসূচী

WhatsApp Image 2021 03 05 at 6.36.52 PM

কোকৰাঝাৰ জিলাৰ কচুগাওঁ‌ ব্লকৰ গৰম বজাৰত বিপিএফ দলৰ এখন যোগদান সভা অনুষ্ঠিত হয়। উক্ত সভাত কচুগাওঁ‌ ব্লক কমিটিৰ উপ সভাপতি বনিপ্ৰসাদ বড়ো (পালোৱান)ৰ নেতৃত্বত গৰম বজাৰৰ পৰা প্ৰায় দুই শতাধিক ইউপিপিএল, জিএছপি আদি দলৰ নেতাকৰ্মী বিপিএফত যোগদান কৰে।

গৰম বাজাৰত অনুষ্ঠিত সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে ২৯ নং পশ্চিম কোকৰাঝাৰ জনজাতি সমষ্টিৰ বিধায়ক ৰবিৰাম নাৰ্জাৰী, কচুগাওঁ‌ ব্লক কমিটিৰ উপ সভাপতি বনিপ্ৰসাদ বড়ো (পালোৱান), বিপিএফৰ কচুগাওঁ‌ ব্লক কমিটিৰ সংখ্যালঘু কোষৰ প্ৰাক্তন সভাপতি আবুবক্কৰ ছিদ্দিক, মহিলা নেত্ৰী আকতাৰা ভানুসহ ব্লক পৰ্য্যায়ৰ, প্ৰাইমাৰী পৰ্যায়ৰ নেতা কৰ্মীসকলো ।

আজিৰ যোগদান সভাত উপস্থিত থাকি বিধায়ক ৰবিৰাম নাৰ্জাৰীয়ে ভাষণ প্ৰসংগত কয় যে, বিজেপি এইবেলি অসমৰ পৰা বিদায় ল’ব । বিগত নিৰ্বাচনত কংগ্ৰেছ আৰু এআইইউডিএফ পৃথকে পৃথকে থকাৰ বাবে বিজেপিয়ে জয় লাভ কৰিছিল । কিন্তু এইবেলি নোৱাৰে । উজনী অসমত বিজেপিৰ অৱস্থা বেয়া ।

বিধায়কজনে লগতে কয় যে, বিজেপি দলে এইবেলি সকলোতকৈ কম আসন লাভ কৰিব আৰু লাজ পাব । বিজেপি দলে প্ৰক্ষেপ কৰা পূব বিলাসীপাৰা আৰু গোলোকগঞ্জ সমষ্টি দুটাত বিজেপি পৰাজয় বৰণ কৰাটো খাটাং । অসম বিধান সভাত কংগ্ৰেছ , এআইউডিএফ, বিপিএফ মহাজোঁটৰ চৰকাৰ গঠন কৰাৰ লগে লগে প্ৰমোদ বড়ো নেতৃত্বাধীন বিটিছি চৰকাৰখন ভাঙি দি বিপিএফ দলে বিটিছি পৰিষদীয় চৰকাৰ গঠন কৰিব ।

Exit mobile version