বিশ্বনাথত দুই কংগ্ৰেছী নেতাক লৈ তীব্ৰ প্ৰতিবাদ

বাপেক পুতেকৰ ৰাজনীতিক লৈ প্ৰতিবাদত উত্তাল বিশ্বনাথ

বিশ্বনাথ সমষ্টিত কংগ্ৰেছৰ সাম্ভাব্য প্ৰাৰ্থী সঞ্জু বৰুৱাৰ নাম প্ৰায় নিশ্চিত হোৱাৰ লগে লগে প্ৰতিবাদত নামিছে কংগ্ৰেছ কৰ্মী ।

সমষ্টিটোত কোনো গণ ভিত্তি নথকা সঞ্জু বৰুৱাৰ নাম প্ৰত্যাহাৰ কৰি অনান্য প্ৰাৰ্থীক টিকট প্ৰদান কৰিলে সমৰ্থন কৰিবলৈ কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বক আহ্বান জনাইছে প্ৰতিবাদী কংগ্ৰেছ কৰ্মীসকলে।

যদিহে সঞ্জু বৰুৱাক টিকট প্ৰদান কৰে তেন্তে সকলো সংখ্যালঘু ভোটাৰে কংগ্ৰেছ বৰ্জন কৰি পদত্যাগ কৰাৰ হুংকাৰ প্ৰদান কৰিছে ।

উল্লেখ্য যে কংগ্ৰেছৰ বিশ্বনাথ জিলা সভাপতি দিলিপ বৰুৱা আৰু পুত্ৰ তথা সম্ভাৱিত প্ৰাৰ্থী সঞ্জু বৰুৱাক লৈ ইতিমধ্যে বিশ্বনাথ কংগ্ৰেছত এক বৃহৎ ফাট মেলাৰ পৰিৱেশ সৃষ্টি হোৱাৰ লগতে সামাজিক মাধ্যমতো বিশেষ চৰ্চা হৈছে ।

Exit mobile version