সুশান্ত কাণ্ডৰ মাদক গােচৰৰ অভিযােগনামাত ৰিয়াসহ অভিযুক্ত হ’ল ৩৩ জন

07 09 2020 rhea 20717795 162216718

বলিউডৰ প্রয়াত অভিনেতা সুশান্ত সিং ৰাজপুতৰ মৃত্যু সংক্রান্ত নিষিদ্ধ মাদকদ্রব্যৰ গােচৰৰ অভিযােগনামা দাখিল কৰিলে নার্কটিকছু কন্ট্রল ব্যুৰ’ (এন চি বি)ই। শুকুৰবাৰে মাদক আইন বিষয়ক এন ডি বি এছ আদালতত তদন্তকাৰী সংস্থাটোৱে এই গােচৰৰ অভিযােগনামা জমা দিয়ে।

এন চি বিৰ সূত্রই সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা মতে ১২ হেজাৰৰাে অধিক পৃষ্ঠাৰ অভিযােগনামাত অভিনেত্রী ৰিয়া চক্রবর্তীসহ ৩৩ জন অভিযুক্তৰ নাম আছে। এই অভিযােগনামা তদন্তকাৰী সংস্থাটোৱে ২০০ জন সাক্ষীৰ ভাষ্যৰ আধাৰত প্ৰস্তুত কৰিলে। এন চি বিৰ মুৰব্বী সমীৰ ৱাংখেড়ে এই অভিযােগনামা এন ডি পি চি এছত দাখিল কৰে। উল্লেখ্য যে ২০২০ৰ ১৪ জুনত মুম্বাইৰ বান্দ্রাত এটা ফ্লেটত অভিনেতা সুশান্তৰ মৃতদেহ উদ্ধাৰ হৈছিল।

ইয়াৰ পাছতে অভিনেতাজনৰ মৃত্যুক লৈ ৰহস্যৰ সৃষ্টি হৈছিল আৰু পৰিয়ালৰ অভিযােগৰ ভিত্তিত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছিল। সুশান্তই নিষিদ্ধ মাদকদ্রব্য গ্রহণ কৰাৰ তথ্যও পােহৰলৈ আহিছিল আৰু এই ঘটনাৰ তদন্তৰ দায়িত্ব যােৱা আগষ্টত এন চি বিয়ে গ্রহণ কৰিছিল। এন চি বিৰ তদন্তত বলিউডত নিষিদ্ধ ড্রাগছৰ অবাধ প্রচলনৰ চাঞ্চল্যকৰ তথ্য লাভ কৰিছিল। অৱশেষত সাতমাহৰ পাছত কেন্দ্রীয় তদন্তকাৰী সংস্থাটোৱে মাদকদ্রব্যৰ গােচৰৰ তদন্ত সম্পূর্ণ কৰি অভিযােগনামা দাখিল কৰিলে। স্মর্তব্য যে অভিনেত্রী ৰিয়া প্রয়াত অভিনেতা সুশান্তৰ প্ৰাক্তন প্রেমিকা আছিল।

Exit mobile version