ক’লা নিমখৰ কেইটামান চমৎকাৰী গুণ

1296x728 Black Salt Header

টোপনি ভাল হয়

★ক’লা নিমখত নিহিত থকা খনিজ উপাদানবিলাকে শৰীৰৰ ‘ষ্ট্ৰেছ হৰমোন’ৰ উৎপাদন নিয়ন্ত্ৰণ কৰে।সেয়ে ক’লা নিমখ মিহলোৱা পানী নিয়মীয়াকৈ সেৱন কৰিলে শৰীৰৰ অস্বস্তি বা দুশ্চিন্তাৰ পৰা উদ্ভৱ হোৱা মানসিক চাপ কম হয়।ইয়াৰ ফলত ৰাতি ভাল টোপনি হয় আৰু পুৱা শুই উঠালৈকে মানুহৰ দেহ-মন সতেজ আৰু সক্ৰিয় হৈ থাকে।

হৃদযন্ত্ৰ সবল কৰি ৰাখে

★ক’লা নিমখে হৃদযন্ত্ৰ সবল আৰু ৰোগমুক্ত কৰি ৰখাত সহায় কৰে।হৃদযন্ত্ৰক ৰোগ প্ৰতিৰোধ কৰাৰ ক্ষমতাও ক’লা নিমখে দিয়ে।ক’লা নিমখে শৰীৰত অবাঞ্চিতভাৱে কলেষ্টেৰল জমা হোৱাত বাধা দিয়ে আৰু অপকাৰী কলেষ্টেৰলৰ পৰিমাণ কম কৰাতো বিশেষভাৱে সহায় কৰে।নিয়মীয়াকৈ ক’লা নিমখ মিহলোৱা পানী খাই থাকিলে হৃদৰোগৰ আশংকাও বহু পৰিমাণে হ্ৰাস পায়।

দেহৰ ওজন কমোৱাত সহায় কৰে

★ক’লা নিমখে আমাৰ শৰীৰৰ অতিৰিক্ত চৰ্বি কমোৱাত সহায় কৰে ।সেয়ে ক’লা নিমখ মিহলি কৰি লোৱা পানী এগিলাচ দৈনিক সেৱন কৰি থাকিলে শৰীৰৰ অতিৰিক্ত ওজন বা বাঢ়ি অহা মেদ লাহে লাহে কমি আহিব।

ছাল স্বাস্থ্যবান কৰি ৰাখে

★ক’লা নিমখে আমাৰ ছালখন স্বাস্থ্যৱান কৰি ৰখাতো সহায় কৰে।ক’লা নিমখত নিহিত থকা ছালফাৰ,জিংকৰ দৰে পুষ্টি উপাদানবিলাকৰ যোগান ধৰি ছালৰ মৃত আৰু শুকান কোষবিলাকৰ ক্ষতিপুৰন কৰি ছালখন সতেজ আৰু মসৃন কৰি ৰখাত সহায় কৰে।নিয়মীয়াকৈ ক’লা নিমখ মিহলোৱা পানী খাই থাকিলে ছালখন সুস্থ আৰু সতেজ হৈ থাকে,লগতে ছালৰ উজ্জ্বলতাও বৃদ্ধি পায়।

হজম শক্তি বৃদ্ধি কাৰক

★ক’লা নিমখে আমাৰ পাচন তন্ত্ৰৰ পাচন ক্ষমতা ঠিকে ৰখাত সহায় কৰে।ক’লা নিমখে পেটৰ ভিতৰত হাইড্ৰোক্লৰিক এচিড আৰু প্ৰোটিন হজম কৰা এনজাইমবিলাক সক্ৰিয় কৰি তোলে।এই এনজাইমবিলাকে আমাৰ পেটৰ পাচন ক্ষমতা ঘুৰাই অনাতো সহায় কৰে।

চকুৰ শক্তি বৃদ্ধি কৰে

★ক’লা নিমখে আমাৰ চকুৰ ক্ৰমে হেৰাই যাবলৈ ধৰা শক্তি পুনৰ বৃদ্ধি কৰে আৰু দৃষ্টিশক্তি পুৰ্ববৎ ৰখাত সহায় কৰে।ক’লা নিমখত থকা বিভিন্ন খনিজ উপাদানে আমাৰ চকুৰ পেশীবিলাক শক্তিশালী কৰি ৰাখে আৰু চকুৰে নেদেখা হোৱাৰ পৰা ৰক্ষা কৰে।বাৰ্ধক্যৰ বাবে ক্ৰমে দুৰ্বল হৈ অহা দৃষ্টিশক্তিও পুনৰ সবল কৰি তোলে।

গেছ আৰু কোষ্ঠকাঠিন্য দুৰ কৰে

★বহু লোকে প্ৰায়ে কোষ্ঠকাঠিন্য আৰু গেছৰ অসুবিধাত ভুগি থাকে।বিশেষকৈ পঞ্চাছঊৰ্ধ বহুসংখ্যক ব্যক্তিয়ে এই দুটি বিসংগতিত ভুগি বৰ কষ্ট পায়।তেনে অসুখত ভুগি থকা লোকে নিয়মীয়াকৈ ক’লা নিমখ সেৱন কৰি থকা উচিত।ক’লা নিমখত নিহিত থকা ছডিয়াম ক্লোৰাইড,ছালফেট,আয়ৰণ,ফেৰিক অক্সাইডৰ দৰে সুক্ষ্ম পুষ্টি উপাদানবিলাকে পেটত উৎপন্ন হৈ জমা হোৱা গেছ আৰু কোষ্ঠবদ্ধতাৰ অস্বস্তি নাইকিয়া কৰে।

হাড় বা অস্থি শক্তিশালী কৰি ৰাখে

★ক’লা নিমখে আমাৰ শৰীৰৰ হাড় আৰু অস্থিবিলাকো শক্তিশালী কৰি ৰাখে।ক’লা নিমখত থকা খনিজ উপাদানবিলাকে বয়সৰ লগে লগে ক্ৰমে ক্ষয় যোৱা হাড়ৰ খনিজ উপাদানবোৰৰ অভাৱ পুৰণ কৰি হাড়বোৰ শক্তিশালী কৰি ৰাখে।

Exit mobile version