ধুবুৰী ডাক সংমণ্ডলৰ কাৰ্যালয়ত আন্তৰ্জাতিক নাৰী দিৱস উদযাপন

WhatsApp Image 2021 03 08 at 5.57.21 PM

আজি এক গাম্ভির্য্যপূৰ্ণ অনুষ্ঠানৰ জৰিয়তে, ধুবুৰী ডাক সংমণ্ডলৰ কাৰ্যালয়ত, ধুবুৰীৰ ডাক সংমণ্ডলৰ উদ্যোগত বিয়লি ১২ বজাৰ পৰা আন্তৰ্জাতিক নাৰী দিৱস উদযাপন কৰা হয়।

ধুবুৰীৰ ডাক সংমণ্ডলৰ অধীক্ষক দেৱৰাজ সেঠিৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনত আন্তৰ্জাতিক নাৰী দিৱস উপলক্ষ্যে নাৰী দিৱসৰ তাৎপৰ্য বেখ্যা কৰে সহকাৰী ডাক অধীক্ষক, পল্লৱ হাজৰিকাই ।

উক্ত সভাত, চলিত বিত্তীয় বৰ্ষত উৎকৃষ্ট প্ৰদৰ্শন আগবঢ়োৱা মহিলা ডাক কৰ্মী আৰু ক্ষুদ্ৰ সঞ্চয়ৰ মহিলা এজেণ্টসকলক পুৰস্কৃত কৰা হয়। ডাক অধীক্ষক শ্ৰী দেৱৰাজ শেঠীয়ে নাৰী দিৱসৰ তাৎপৰ্য আৰু নাৰীৰ বিকাশৰ ক্ষেত্ৰত ডাক বিভাগে কৰিব পৰা ভূমিকা সম্পৰ্কে আলোকপাত কৰে।

সভাত সহকাৰী ডাক অধীক্ষক শ্ৰী পল্লৱ হাজৰিকা, ধুবুৰী উপ সংমণ্ডলৰ ডাক পৰিদৰ্শক শ্ৰী অনিৰ্বান দে আৰু ধুবুৰী প্ৰধান ডাকঘৰৰ ভাৰপ্ৰাপ্ত পোষ্টমাষ্টাৰ শ্ৰী ঠাকুৰদাস মণ্ডল উপস্থিত থাকে।

Exit mobile version