ধৰ্ষণকাৰীক বিয়া কৰাবলৈ কোৱা নাই, ৰায়ৰ ভুল ব্যাখ্যা কৰা হৈছেঃ মুখ্য ন্যায়াধীশ

SA Bobde 696x392 1

ধৰ্ষণকাৰীক ‘ধৰ্ষিতাক বিয়া কৰাব নেকি ?’ বুলি প্ৰশ্ন কৰি তীব্ৰ সমালোচনাৰ সন্মুখীন হৈছে উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ শৰদ অৰবিন্দ ব’বডে । যোৱা এক মাৰ্চৰ ধৰ্ষণৰ গোচৰত বিতৰ্কিত ৰায় প্ৰদানৰ পাছতে তেওঁক ‘খলনায়ক’ প্ৰতিপন্ন কৰি ক্ষমা বিচাৰিবলৈও কোৱা হয় । সেয়ে আজি নিজৰ বক্তব্যৰ ব্যাখ্যা দিলে মুখ্য ন্যায়াধীশজনে ।

তেওঁ কয়, ‘উচ্চতম ন্যায়ালয়ৰ মতামতক, ন্যায়ালয়ে মহিলাক অসন্মান কৰাৰ নিচিনাকৈ প্ৰকাশ কৰা হৈছে । কিন্তু এইটো সঠিক হোৱা নাই । কাৰণ, উচ্চতম ন্যায়ালয়ে সমভাৱেই নাৰীসকলক সৰ্বোচ্চ সন্মান প্ৰদৰ্শন কৰি আহিছে ।’

উচ্চতম ন্যায়ালয়ে ধৰ্ষণৰ দৰে অপৰাধক ‘লঘু’ কৰাৰ চেষ্টা কৰিছে বুলি অভিযোগ উত্থাপন হৈছিল । যোৱা সোমবাৰ এক মাৰ্চত ধৰ্ষণৰ গোচৰত অভিযুক্ত মোহিত সুভাষ ছভনৰ জামিনৰ আবেদনৰ শুনানি আছিল ন্যায়ালয়ত । মহাৰাষ্ট্ৰৰ চৰকাৰী বিদ্যুৎ উৎপাদন সংস্থাৰ কৰ্মী মোহিতৰ বিৰুদ্ধে এগৰাকী বিদ্যালয়ৰ ছাত্ৰীক ধৰ্ষণৰ অভিযোগ আছিল ।

পকছো আইনত অভিযুক্ত মোহিতৰ বিৰুদ্ধে সেই গোচৰৰ শুনানিত উচ্চতম ন্যায়ালয়ে মোহিতক কয়, ‘যদি তুমি (ধৰ্ষিতাক) বিয়া কৰাব বিচৰা, তেন্তে আমি সহায় কৰিব পাৰো । যদি নকৰা, তুমি তোমাৰ চাকৰি হেৰুৱাবা । তুমি কাৰাগাৰতো যাব লাগিব ।’

মুখ্য ন্যায়াধীশ ব’বডেই কয়, ‘তুমি যুৱতীগৰাকীক প্ৰলোভিত কৰি ধৰ্ষণ কৰিছা । কিন্তু আমি তোমাক জোৰ কৰা নাই । কাৰণ পাছত তুমি ক’বা ন্যায়ালয়ে তোমাক বাধ্য কৰাইছে ।’ উচ্চতম ন্যায়ালয়ৰ এই ৰায়ক গৰিহণা দি সৰৱ হৈ উঠিছে দেশৰ বিভিন্ন মহল ।

এই বিষয়টোক নাৰীসকলৰ প্ৰতি অৱমাননা কৰা হৈছে বুলি আখ্যা দিছে দেশৰ নাৰীবিদসকলে । তেওঁলোকে প্ৰশ্ন উত্থাপন কৰিছে যে, ধৰ্ষণৰ দৰে অপৰাধক কেনেকৈ মুখ্য ন্যায়াধীশে এইদৰে ‘লঘু’কৈ বিচাৰ কৰিব পাৰে ? তেওঁ বিবাহক ধৰ্ষণৰ ‘প্ৰতিকাৰ’ হিচাপে প্ৰতিপন্ন কৰিব বিচাৰে নেকি ? বিষয়টোক তীব্ৰ গৰিহণা কৰি মুখ্য ন্যায়াধীশক ক্ষমা বিচাৰিবলৈও দিয়ে তেওঁলোকে । তেওঁৰ পদত্যাগৰ দাবীত পাঁচ হেজাৰৰো অধিক লোকে স্বাক্ষৰ কৰে ।

এই সন্দৰ্ভত ন্যায়াধীশ ব’বডে আজি কয় যে, সম্পূৰ্ণ ঘটনাটোৱে ভুলকৈ ব্যাখ্যা কৰা হৈছে । তেওঁ ধৰ্ষণকাৰীক বিয়া কৰাবলৈ কোৱা নাই । চিলিছিটৰ জেনেৰেল তুষাৰ মেহতাই কয়, ‘শীৰ্ষ ন্যায়ালয়ে সম্পূৰ্ণ ‌পৃথক পৰিপ্ৰেক্ষিতত এই প্ৰশ্নটো কৰিছিল ।’

Exit mobile version