তিনিচুকীয়া জিলা উপায়ুক্তৰ কায্যালয়ত দ্বিতীয়টো দিনত উদুলিমুদুলি পৰিবেশৰ মাজত মনোনয়নপত্ৰ দাখিল কৰিলে কংগ্ৰেছী বিধায়ক দূৰ্গা ভূমিজে

তিনিচুকীয়া জিলা উপায়ুক্তৰ কায্যালয়ত দ্বিতীয়টো দিনতো উদুলিমুদুলি পৰিবেশৰ মাজত মনোনয়নপত্ৰ দাখিল কংগ্ৰেছ, বিজেপি, অসম জাতীয় পৰিষদৰ লগতে নিৰ্দলীয় পাৰ্থীৰ

ডুমডুমা বিধানসভা সমষ্টিৰ কংগ্ৰেছী বিধায়ক দূৰ্গা ভূমিজে তিনিচুকীয়া জিলা উপায়ুক্তৰ কায্যালয়ত মনোনয়নপত্ৰ দাখিল কৰাৰ লগতে ন-বিজেপি নেতা ৰূপেশ গোৱালাও মনোনয়নপত্ৰ দাখিল কৰে ৷

কংগ্ৰেছৰ দখলত থকা ডুমডুমা সমষ্টিটোত উন্নয়নৰ গতি লৈ বিজেপিয়ে দখল কৰাটো নিশ্চিত বুলি ৰূপেশ গোৱালাই মন্তব্য কৰাৰ বিপৰীতে ৰূপেশ গোৱালাক দালাল বুলি আখ্যা দি শ্ৰমিকসকলক বিক্ৰী কৰি বিজেপি ত যোগ দিছে বুলি কয় কংগ্ৰেছী বিধায়ক দূৰ্গা ভূমিজে ৷

Exit mobile version