ব্রিটিছ ৰাজপৰিয়ালত আত্মহত্যাৰ প্ৰৱণতাত ভুগিছিল মেগান

08virus royals explainer 1 videoSixteenByNine3000 1

ৰাজকীয় জীৱন পৰিত্যাগ কৰি এতিয়া সাধাৰণ মানুহৰ জীৱন যাপন কৰিছে এসময়ৰ ব্রিটিছ ৰাজপৰিয়ালৰ সদস্য যুৱৰাজ হেৰী আৰু যুৱৰাণী মেগান মর্কেলে। হঠাতে ব্রিটিছ ৰাজপৰিয়ালৰ বিৰুদ্ধে একাধিক চাঞ্চল্যকৰ অভিযােগ উত্থাপন কৰিলে মেগানে।সোমাবাৰে পুৱা চি বি এছ চেনেলত সম্প্রচাৰিত হােৱা জনপ্রিয় মার্কিন সঞ্চালক অপ্রা উইনফ্রেৰ সাক্ষাৎকাৰ অনুষ্ঠানত অংশ লােৱাৰ সময়ত মেগানে এটাৰ পাছত আন এটা চাঞ্চল্য সৃষ্টিকাৰী মন্তব্য প্রকাশ কৰে।

ব্রিটিছ ৰাজপৰিয়ালৰ বােৱাৰী হােৱাৰ তিক্ত অভিজ্ঞতাৰ কথা ক’বলৈ গৈ কেলিফর্ণিয়াৰ কৃষ্ণাংগ মাতৃ আৰু শ্বেতাংগ পিতৃৰ ঘৰত জন্মলাভ কৰা মেগানে কয় যে বিবাহৰ কিছুদিন পাছৰ পৰা তেওঁ অসহায়বােধ আৰু তীব্র হতাশা অনুভৱ কৰিছিল আৰু সেই সময়ত তেওঁ আত্মহননৰ কথাও চিন্তা কৰিছিল।

বাৰে বাৰে সহায় বিচাৰি কোনাে ব্যক্তিৰ পৰা সাহায্য লাভ কৰা নাছিল বুলি অভিযােগ কৰি মেগানে কয় যে জীৱনৰ প্ৰতি এইদৰে মােহভংগ ঘটাত তেওঁ আত্মহত্যাৰ প্ৰণৱতাত ভুগিছিল। চিকিৎসকৰ পৰামৰ্শ ল’বলৈ বাকিংহাম পেলেচৰ দ্বাৰস্থ হােৱাত ইয়াৰ বাবে ৰাজপ্রাসাদে তেওঁক অনুমতি দিয়াটো সম্ভৱ নহ’ব বুলি কৈছিল।

কিয়নাে এনে কাৰ্যৰ ফলত ৰাজপৰিয়ালৰ সন্মান লাঘৱ হ’ব পাৰে। হেৰীৰ কাষতাে মই এই কথা স্বীকাৰ কৰিবলৈ লজ্জা অনুভৱ কৰিছিলাে। কিন্তু মই এই কথাও জানিছিলাে যে অৱগত নকৰিলে মই সঁচাকৈ আত্মহত্যা কৰিব লাগিব। সেয়েহে সত্যক মই গােপনে ৰাখিব নােৱাৰিলাে। মেগানে সাক্ষাৎকাৰত এইদৰে কয়। অচিৰে দ্বিতীয় সন্তান জন্ম দিবলৈ সাজু হােৱা মেগানে লগতে কয় যে তেওঁ প্রথম সন্তানৰ ছালৰ বৰণক লৈও ব্রিটিছ ৰাজপৰিয়ালত অসন্তুষ্টি আছিল।

Exit mobile version